দ্বাদশ অধ্যায় ঠাকুৰ-আতা শঙ্কৰদেৱ চণপোত থাকোঁতেই এজন শক্তিমন্ত পুৰুষে তেওঁৰ ওচৰত ধৰ্ম্মক ধৰেহি। এই পুৰুষজনৰ নাম ভৰা বা নাবায়ণ ঠাকুৰ বা ঠাকুৰ আত। ভৱানন্দৰ ককাকৰ নাম যশধৰ, বাপেকৰ নাম ধৰ্ম্ম, খুৰাকৰ নাম চৈতন্য! তেওঁলোক কুলত কায়স্থ। চৈতন্য আৰু তেওঁৰ ককায়েক ধৰ্ম্ম একেলগে আছিল। ভৱানন্দই সৰুতে লেখা পড়া শিকি শাস্ত্ৰ পঢ়ি জ্ঞান উপাৰ্জন কৰিছিল। তেওঁৰ যেতিয়া নদহ বছৰ বয়স, তেতিয়া তেওঁ গৰু চৰোৱা কাৰ্যত প্ৰবিষ্ট হল। ভৱানন্দ বব তীক্ষ্ণ বুদ্ধিৰ লৰা আছিল। তেওঁ অচিৰতে গৰখীয়া লৰাবিলাকৰ ভিতৰত মুখিয়াল হৈ পৰিল, আৰু লগৰ গৰখীয়া লৰাবিলাকে তেওঁক বৰদলৈ উপাধি দি সিহঁতৰ ভিতৰত মুখ্য পাতি তেওঁৰ হাক বচন শুনিবলৈ ধৰিলে। লৰাবিলাকৰ ভিতৰৰ দল-হাই কাজিয়া-পেচাল ভৱানন্দই এনে সুচাৰুৰূপে ভাঙিবলৈ ধবিলে যে তেওঁৰ গুণৰ প্ৰভাৱ গ্ৰামবাসী সকলোৰে ভিতৰত প্ৰচাৰ হবলৈ ধৰিলে। গৰখীয়া লৰাৰ মাজত বহি লাহে লাহে গাৱৰ ভিতৰৰ মানুহৰ দলৰৰ তেওঁ বিচাৰ আৰু শোধ-পোছ কৰিবলৈ ধৰিলে আৰু সেই বিচাৰবোৰ তেওঁ এনে শুৱলাকৈ কৰিছিল, যে গাৱৰ সকলো মানুহে তেওঁৰ বৈঠকি চাবলৈ আহিবলৈ ধৰিলে। শেহত গাৱৰ ভিতৰৰ যাৰ দণ্ডবাদ কাজিয়া হয় তেওঁলোকে সকলে আহি গৰখীয়া বৰদলৈ ভৱানন্দৰ আগত গোচৰ দিয়েহি; ভৱানন্দই গৰখীয়া লৰা পাচি দি পদকীয়াক মতাই আনি যথোচিত বিচাৰ কৰি সিদ্ধান্ত কৰে, আৰু সেই সিদ্ধান্ত কোনেও ভাঙিব নোৱাৰে, আ কি সেই গোচৰ ৰজাৰ দৰবাৰলৈ গলেও ভৱানন্দৰ ৰায় বহাল থাকে। তেওঁৰ এনে বিচক্ষণ কাৰ্য দেখি ৰজা প্ৰজা সকলোৱে তেওঁক শলাগিবলৈ ধৰিলে।