শ্ৰীশঙ্কৰদেৱ আৰু মাধৱদেৱ বহি বস্তু বেচি থাকোঁতেই উঠি গৈ তাই তাইৰ ঘৰৰপৰা আহিব লগীয়া হোৱাত তাই পোহাবৰ কাষত ভৱানন্দক দেখা পাই কলে “তুমি দোকানত অলপ পৰ বহাঁ, মই ঘৰৰপৰা আহোঁগৈ। কিনোতা কোনোবা আহিলে বস্তু বেচিব।” এই কথা শুনি ভৱানন্দ পোহাৰত বহিল আৰু পোহাৰী উঠি তাইৰ ঘৰলৈ গল; পোহাৰত কিছুমান বস্তু বহুত দিন বিক্ৰী নোহো- ৰাকৈ পৰি আছিল। ঈশ্বৰব ইচছাত ভৱানন্দ পোহাৰত বহোঁতে সেই বস্তুবোৰ হু হু কবে বিক্ৰী হবলৈ ধৰিলে। কিছুমান বেলিব মূৰত পোহাবী আহি দেখিলে যে তাইৰ পোহাৰ উদং। তাই ভাবিলে কি কাণ্ড! বস্তুবোৰ কলৈ গল। তাই ভৱানন্দক খং কৰি কলে “এইবোৰ কি কথা? কি ঢং? মোব বস্তুবোব কলৈ গল?” ভৱানন্দই পোহাৰীৰ বস্তু বেচি পোৱা ছকুবি টকা, লাহেকৈ উলিয়াই পোহাবীক দিলে। পোহবী অবাক। পোহাৰীয়ে বিস্ময় মানি ভৱানন্দক কলে “বাপু তুমি তো শুদা শক্তিৰ মানুহ নোহোৱা। তুমি মোৰ দোকানত আৰু কিছুমান দিন বহি বস্তু বেচা।’ ভৱানন্দই কলে “এনে কাম হব নোৱাৰে। মোৰ ঘৰত খুৰা এজন আছে তালৈ মই এতিয়াই যাব লাগিব।” এই কথা শুনি পোহাৰীয়ে ভৱানক দুকুৰি ৰূপ দি বিদায় দিলে; আৰু তেওঁ তাকে লৈ নিজৰ ঘৰলৈ গল। কিছুদিনৰ পিছত ভৱানন্দৰ খুৰাক ঢুকাল। খুৰাকৰ শ্ৰাদ্ধাদি কাৰ্য কৰি আঁতাই ভৱানন্দই নাও এখন কিনি লৈ বেপাৰ কৰিবলৈ লাগিল। বেপাৰ কৰি কৰি লাহে লাহে তেওঁৰ হাতত টকা হলত তেওঁ আৰু নাও কিনি বেপাৰ বঢ়াবলৈ ধৰিলে। শেহত তেওঁ নখন নাৱেৰে বেপাৰ কবি দেশ-দেশান্তৰে ফুৰি বৰ সদাগৰ হল। বেপাৰত ফুৰোঁতে তেওঁ হাট ফাট চকি একোকে নামানি, নিজক ৰজাৰ মোমায়েক বুলি পৰিচয় দি, ফাট ভাঙি চাৰিওফালে অহা যোৱা কৰি ফুৰে। লাহে লাহে ফাটোৱালবোবে এই কথা বজাব কাণ দুৱালে যে “ভৱানন্দ নামে সদাগৰ এজনে ফাট ভাঙি চলাচল কবি ফুবে, আৰু আমি মাচুল বিচাৰিলে তেওঁ কয় মই বজাৰ মোমায়েক, তহঁতক কিয় মাচুল দিম।” এই কথা শুনি ৰজাই খং কৰি ভৱানন্দক ধৰাই নিয়ালে। দুতে ভৱানক ধৰি ৰজাৰ আগত হাজিৰ কৰি দিলত, ৰজাই ক্ৰোধ কৰি তেওঁক শুধিলে “তই কিয় এইদৰে ছল কৰ?” ভৱানন্দই কৰবোৰ কৰি ৰজাক কলে ‘মহাৰাজ। এটি দৃষ্টান্তেৰে ইয়াৰ কাৰণ মহাৰাজৰ চৰণত নিবেদন কৰিব খুজিছে, মহাৰাজে ক্ষমা কৰি