bo শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ উত্তৰ দিলে “যত আপুনি নাথাকিল, তাত কি আৰু মই থাকি অন্য ভোজন কৰিম।” এই কথা শুনি শঙ্কৰদেৱে খেদ কৰি কলে যে “মোব নিমিত্তেই আজি তোমাৰ ভোজন গুচিল। মই ভাৱিহিলো তুমি খাই-বৈ মে লগ ধৰিবহি।” সেই ৰাতি কিন্তু সেই ঠাইৰ অসুবিধাৰ নিমিত্তে তেওঁলোকৰ ভোজনেই নহল। ইয়াৰ পিছত তেওঁলোক ৰৌৰৱা সুতীৰ মুখ পাই তাতে বল। তাৰ পিছত চাউল খোৱা নৈ পাই, সেই সুতীয়েদি গৈ টপাবৰি নামে ঠাই পাই তাতে শঙ্কৰদেৱে বহা ঘৰ আদি সজাই বাস কবি নামধৰ্ম প্ৰকাশ কৰি বল। কিন্তু আচলতে ঠাইডোখৰ ভাল নাছিল, তাত সকলোৰে জ্বৰ-নৰীয়া হবলৈ ধৰিলে আৰু নৰীয়াত পৰি মানুহবোেৰৰ চুলি সৰি মূৰ টপা হবলৈ ধৰিলে। অনেক ভকত নবিয়াত পৰি তাতে মৃত্যু হ’ল। তাতে মাধৱ- দেৱৰ মাতৃৰৰ শৰীব পৰিল। মাধৱে মাতৃৰ কাঠসংস্কাৰ কৰি দশ পিত দিলে আৰু তেওঁ মাতৃহীন হৈ শোকাবিষ্ট হলত, শঙ্কৰদেৱে সেই ঠাই পৰি- ত্যাগ কৰিবৰ নিমিত্তে কৃতসংকল্প হৈ মাধৱক কলে “দেখ আমি আৰু ইয়াত নাথাকে; এই ঠাইত সকলোৰে অৰ নৰীয়া হবলৈ ধৰিলে, আৰু মানুহৰোৰ শুকাই খীণাই সকলোৰে চুলি সৰি মুৰবোৰ টপা হল। দেখিছে। এই ঠাই টপাবৰি নহয়, টপলাৰ বাৰীহে, এতেকে আমি শীঘ্ৰে ইয়াৰপৰা যাব লাগে।” এই কথা শুনি ভকতসকল তাৰপৰা উঠি যাবলৈ সাজু হল আৰু তেওঁলোকে শঙ্কৰদেৱৰে সৈতে ভটীয়াই গৈ খোৰানদী পালেগৈ। খোৰা নদীয়েদি গৈ তেওঁলোক বাৰাদি পাই তাতে উঠিল। বাৰাদিত মাধৱদেৱে ৰামদাস আতাৰে সৈতে বুঢ়াদলৈ নামে এজনৰ নতুন ঘৰ এটি পাই তাতে থাকিল আৰু শঙ্কৰদেৱে চূণপোৰা নামে ঠাইত ভক্তসকলেৰে সতে বহাৰ কীৰ্ত্তনৰ আদি সজাই নামধৰ্ম প্ৰচাৰ কৰি ৰল। তাঁতিকুচি আদি নানা ঠাইৰপৰা অনেক লোকে আহি শঙ্কৰদেৱৰ ওচৰত ধৰ্মক ধৰিলেহি।