পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৯
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


কলে “নাৱত সমূলি ঠাই নাই, কত তেওঁলোকক তুলি লম?” এই কথা শুনি কৃপালু মাধৱে বৈনায়েকক কলে “মোৰ ভাগৰ ঠাই ভকত দুজনক দিছো, তুমি তাতে তুলি নিয়া।” এই বুলি মাধৱদেৱে তেতিয়াই নাও পাৰলৈ চপাই, দিয়াই নিজৰ কাপোৰ-কানিৰ জপা দুটা উলিয়াই জপা, দুটা নৈত পেলাই দি ঠাই উলিয়াই তাতে ভকত দুজনক তুলি ললে। কিছুমান দূৰ ভটীয়াই গৈ মাধৱে, শঙ্কৰদেৱৰ নাও বন্ধা দেখি তাতে নিজৰ নাও বান্ধি গুৰুৰ নিমিত্তে খোলা চৌকা আদি যতনাই আছে, এনেতে তেওঁ দেখিলে যে দুটা জপা উটি আহি তেওঁৰ নাৱৰ গোঁজত লাগিছেহি। মাধৱদেৱে জপা দুটা ধৰি তুলি অনা দেখি শঙ্কৰদেৱে সেই দুটা কি বুলি মাধৱক শুধিলত, তেতিয়া মাধৱে সকলো বৃত্তান্ত ভাঙি কলে। শঙ্কৰদেৱে মাধৱ- দেৱৰ এই নিস্বাৰ্থ সাধু ব্যৱহাৰ দেখি তেওঁক প্ৰশংসা কৰি কলে “মাধৱ তুমি ধন্য। তুমি হে বাপু ভকতৰ মোল বুজা।”

 এইদৰে শঙ্কৰদেৱে ভটীয়াই যাওঁতে যতে গধুলি হয় ততে নাও ৰাখে আৰু মাধৱদেৱেও তাতে নাও ৰাখি গুৰুৰ নিমিওে খোলা চিকুণাই ঘৰ সাজি ভোজনৰ সকলো আয়োজন কৰি দি তাৰ পিছত হে নিজৰ ভোজনৰ দিহা কৰে।

 এদিন মাধৱদেৱৰ নাও শঙ্কৰদেৱৰ নাৱতকৈ কিছু আগ বাঢ়ি গলত তেওঁ এঠাইত নাও ৰাখি গুৰুৰ নিমিত্তে সকল আয়োজন কৰি ৰৈ আছে, কিন্তু ভালেখিনি বেলিৰ মুৰতে শঙ্কৰৰ নাও নোলোৱাহি দেখি মাধৱে নিজৰ খোলাত ৰন্ধনৰ আয়োজন কৰি চাউল বহাই দিলে। ভাত আদখিনি সিজিছে, এনেতে শঙ্কৰদেৱৰ নাও সেইখিনি পাইও তাত নৰৈ ভটীয়াই যাবৰ দেখি মাধৱদেৱে বিনয় কৰি গুৰুক কলে যে “মই আপোনালৈ ইয়াতে খোলা চিকুণাই বহা সাজি আখা পাতি থৈছো, আপুনি ৰাতি আৰু কলৈ যায়?” শঙ্কৰদেৱে উত্তৰ দিলে যে “এইখন ভাল ঠাই নহয়, সেইদেখি ইয়াত নাথাকো।” মাধৱদেৱে কলে ঠাই বৰ ভাল, নাও ৰখাওক।” তথাপি শঙ্কৰদেৱে মাধৱদেৱক পৰীক্ষা কৰিবৰ মনেৰে তাত নাও নৰখাই, আৰু এটা মোচৰ গৈ তাত নাও ৰখালে। মাধৱদেৱে এই কাৰ্য দেখি, আধাসিজা ভাতৰ চৰুটো উবুৰিয়াই পেলাই দি নাও মেলি তাৰপৰা গুচি আহি শঙ্কৰদেৱ ৰোৱা ঠাই পালেহি। শঙ্কৰদেৱে মাধৱক দেখি শুধিলে “ইমান শীৰ্ষে আহিলা দেখোন? ৰন্ধা ভাত কি কৰিলা?” মাধৱদেৱে