পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৮
শ্ৰী শঙ্কৰদেৱ শ্ৰীমাধৱদেৱ


টকা ভগণৰ পিছত তেল প্ৰস্তুত হলত, দুটা ভাৰীৰ কান্ধত দি তেল ৰজাৰ ঘৰলৈ পঠোৱা হল। বাটত ভাৰী দুটাৰ ভৰি পিছলি তেলৰ মাথিটো মাটিত পৰি ভাগি তেলবোৰ নষ্ট হল। ৰজাই ভাৰী দুটাক “কিয় তেল নষ্ট কৰিলি” বুলি শুধিলত, ভাৰী দুটাই আঠুকাঢ়ি কৰবোৰ কৰি কলে “মহাৰাজ, আমাক ক্ষমা কৰক। আমি ছটা ভৰিৰে খোজ কাঢ়ি অতি সাৱধানে তেল আনিছিলো, কিন্তু দৈবদুৰ্বিপাকত তথাপি পিছলি পৰিলো- হঁক। লোকে দুটা ভৰিৰে আহে, আমি তিনটা ভৰিৰে আহোঁতেও এনে দুৰ্ঘটনা ঘটিল।” ৰজাই সিহঁতক শুধিলে ‘হেৰ ছটা ভৰিৰে আহিবলৈ কেনেকৈ পাইছিলি? তহঁতে মোৰে সৈতে কিবা উপহাস কৰিছ নে কি? ভাৰী দুটাই কাতুৰ্ব্বাদ কৰি কলে ‘মহাৰাজ, আমাৰ গাইপতি দুটা দুটা ভৰি, আৰু হাতত একোডাল লাখুটি আছিল, এই ছটাৰে মহা যত্ন কৰি তেলৰ মাথিটো ভাৰ বৈ আনিছিলোঁ। এতেকে মহাৰাজ, বন্দীহঁতক ক্ষমা কৰক।” এই কথা শুনি ৰজাই বিচাৰ কৰি চালে যে হয়, ইহঁতৰ গাত দোষ নাই। ইয়াকে ভাবি তেওঁ ভাৰী দুটাক ক্ষমা কৰি এৰি দি আকৌ নতুনকৈ তেল প্ৰস্তুত কৰাবলৈ বন্ধবস্ত কৰিলে। এতেকে ইয়াতে বুজক কোন ৰজা ভাল।” এই কথা শুনি শঙ্কৰদেৱে মাধৱদেৱক কলে জানা বঢ়াৰ-পো, যি ৰাজ্যৰ ৰজাৰ গাত অলপো বিচাৰ-শক্তি নাই, যি ৰজা অজ্ঞানী, যি ৰজাই অসাধ্য অযোগ্য কাৰ্যত মানুহৰ প্ৰাণবধ কৰে সেই ৰজাৰ ৰাজ্যত থকা উচিত নহয়, এতেকে আমি এই ৰাজ্য এৰি নিশ্চয়। বেহাৰ ৰাজ্যলৈ যামহঁক। সকলো সেৱক ভক্ত ভূয়াসকলক নাওদুনি ঠিক কৰি লৈ যাবলৈ প্ৰস্তুত হবলৈ কোৱ।”

 শঙ্কৰদেৱৰ আজ্ঞাক্ৰমে নৌকাবোৰ প্ৰস্তুত হ’ল; কিন্তু সকলোবোৰ মানুহ যাবলৈ নোজোৰাত, কলগছ কাটি কিছুমান ভুৰও বন্ধাই তৈয়াৰ কৰা হ’ল। ভাল দিন বাৰ চোৱাই শঙ্কৰদেৱে সপৰিবাবে ভকত জ্ঞাতি সকলোৰে সৈতে নাৱত উঠি ভাটীলৈ যাত্ৰা কৰিলে। শঙ্কৰদেৱে এইদৰে ধুৱাঁহাট পৰিত্যাগ কৰি গলত তাৰ লোকসকলে হাহাকাৰ কৰি ক্ৰন্দন কৰিবলৈ ধৰিলে। দুজন ভকত খৰি লুৰিবলৈ গৈছিল, তেওঁলোকে উভতি অহাত পলম হোৱা বাবে, গুৰুজনৰ নাও নাপালেহি দেখি যাবলৈ নাপাই কান্দিবলৈ ধৰিলে। মাধৱদেৱে বৈনায়েক ৰামদাসে সৈতে এখন নাৱত গৈছিল; তেওঁ ৰামদাসক নাও ৰাখি ভকত দুজনক তুলি লবলৈ কলে। ৰামদাসে