একাদশ অধ্যায় অসমৰাজ্য পৰিত্যাগ বামেক হবিক কটাৰেপৰা শঙ্কৰদেৱৰ মনত বৰ বিষাদ লাগি তেও আহোম ৰজাৰ ৰাজ্য এবিবলৈ বুলি মনতে স্থিৰ কৰিলে। তেওঁ কলে বনৰীয়া জন্তু বনলৈ পলাই গল, তাক ইমান চেষ্টা কৰিও ৰাখিব পৰা নল, অথচ সেই দোষতে মানুহক প্ৰাণদণ্ড কৰে, এনে অবিবেকী অত্যাচাৰী ৰজাৰ ৰাজ্যত থকাটো যুগুত নহয়। সেই সমযতে চাবিজন সন্ন্যাসী শঙ্কৰৰে ওচৰত ওলালাহ। শঙ্কৰদেৱে তেওঁলোকক খুৱাই- বুৱাই বহুৱাই কথাবাৰ্তা পাতোতে শুধিলে, তেওঁলোকে অনেক দেশ দেখিছে, এতেকে কোন ৰজা ভাল? সন্ন্যাসীযে কলে—“আমি অনেক দেশ দেশান্তৰ ফুৰিছো, আসাম আৰু বেহাৰৰ দুজন ৰজা দেখিলোঁ। আসাম বজাৰ কাৰ্য দেখি আমি বৰ দুখিত হলেহঁক। এদিন আমি আসাম ৰজাৰ সভাত বহি আছোঁ, এনেতে এটা বাৰীচোৱাই ভাল বিৰা-জৰা এটা ৰজাক ভেঁটি দিলেহি। ৰজাই জৰাটো খণ্ড খণ্ড কৰি কটাই বাজ মন্ত্ৰীসকলেৰে সৈতে খাই বৰ ভাল পাই শলাগিবলৈ ধৰিলে। বাই কলে “এই বাবীচোৱাটো বৰ চতুৰ, ই কেনে সুন্দৰ সোৱাদ বিলা-জবা আভিজছে! শুনা মন্ত্ৰী, তুমি এই জৰাৰ গুটীৰে সৈতে বাৰীচোৱাক লৈ গৈ মোৰ বোপাইব মৈদামত সুমুৱাই দিযা, সি তাত এনে ভাল ৰা আজি মোৰ বোপাইক খাবলৈ দিক।” মন্ত্ৰীয়ে ৰজাৰ আজ্ঞা শিবোধাৰ্য কবি জবাগুটীবে সৈতে বাৰী- চোৱাক মৈদামত সুমাই দিলে। এনে বঙ্গব ৰাজ্যত বাস কৰোঁতাৰ মৃত্যু সদায় হাততে।” “আমি আৰু এজন ৰজা দেখিলোঁ, তেওঁ বেহাৰৰ ৰজা; তেওঁৰ নাম নৰনাৰায়ণ। নৰনাৰায়ণ বজাই বিস্তৰ টকা ভগণ কবি প্ৰসিদ্ধ বৈশ্য এজনক মহানাৰায়ণ তেল কৰিবলৈ দিলে। এবছৰ পৰিশ্ৰম আৰু বিন্তৰ