যায় দেখি মই বৰ দুখ পাওঁ; তেওঁক আপুনি আমাৰ ইয়াতে ভোজন
কৰি যাবলৈ কব; মই কলে কি জানি নকৰেই।” এই কথা শুনি,
কথাৰ ভাও বুজা শঙ্কৰদেৱে ভাৰ্য্যাক কলে “বাৰু তুমি কৈছা বুলি এবাৰ
কৈ চাম; কিন্তু অলপ ঘট্মট হব যেন পাইছোঁ। ” পিছ দিনা মাধৱে
গুৰুৰ নিত্য নিয়মিত শুশ্ৰষাৰ কাৰ্য্যবোৰ কৰি অঁতাই চৰণত পৰি সেৱা
কৰি নিজৰ ঠাইলৈ যাবলৈ বিদায় ললত, শঙ্কৰদেৱে তেওঁক কলে “বঢ়াৰপো,
ৰমানন্দৰ মাৱে কৈছে যে তুমি আমাৰ গৃহত ভোজন কৰি যাব লাগে।”
এই কথা শুনি মাধৱে কলে “গুৰুপত্নী সাক্ষাৎ লক্ষীআই, তেওঁৰ অন্ন
ভোজন কৰিবলৈ বৰ ভাগ্যেৰেহে পোৱা যায়। কিন্তু এটি কথা আছে-
মই ঘৰৰ ভিতৰখন এবাৰ চাই লব লাগিব, তেহে প্ৰসাদ ভোজন কৰিব
পৰা হব।” শঙ্কৰদেৱে অলপ হাঁহি এই কথাত সম্মতি দিলত, মাধৱদেৱ
ঘৰৰ ভিতৰ সোমাল। তেওঁ সোমায়েই দেখিলে যে ঘৰৰ ভিতৰৰ এচুকত
পুজাৰ নিমিত্তে গণেশ মূৰ্তিৰে ঘট-পট পতা আছে। মাধৱদেৱে এই
কাৰ্য্য দেখি অতি আশ্চৰ্য হোৱা যেন দেখুৱাই গুৰুপত্নীক কলে “আই,
এইটো কি অদভুত! আপুনি দেখোন ঘট-পট পাতি পূজা কৰে। আপুনি
আপোনাৰ স্বামী শঙ্কৰদেৱক কি বুলি বুজিছে?" গুৰুপত্নীয়ে লাহেকৈ
উত্তৰ দিলে “মোৰ লৰা ছোৱালী কেইটি আছে সিহঁতৰ কেতিয়াবা কিবা
বিঘিনি আৰু অমঙ্গল হবৰ আশঙ্কা কৰি মই তাতে অলপ পূজা সেৱা
কৰোঁ।” এই উত্তৰ শুনি মাধৱদেৱে গুৰুপত্নীক কলে “আই, আপোনাৰ
স্বামীক আপুনি হাততে পাইও নিচিনিলে; তেখেতে ঘট-পট প্ৰতিমা
আদি আন দেবী পুজা উঠাই একমাত্ৰ পৰমেশ্বৰৰ নাম-ধৰ্ম প্ৰচাৰ কৰিছে,
লক্ষ লক্ষ লোকে তেখেতৰ প্ৰচাৰিত নামধৰ্ম্মক ধৰি, তেখেতক গুৰু বুলি
মানি উদ্ধাৰ হৈছে, অথচ আপুনি এনেজনৰ পত্নী হৈ এনে কাম কৰে।”
ইত্যাদি প্ৰকাৰে মাধৱদেৱে গুৰুপত্নীক কৈ বুজালত, গুৰুপত্নীয়ে শঙ্কৰদেৱৰ
পদত সাষ্টাঙ্গে প্ৰণাম কৰি স্বামীগুৰু শঙ্কৰদেৱক ধৰ্মগুৰুও বুলি স্থিৰ বুদ্ধি
কৰি মানিলে; আৰু সেই মূৰ্ত্তি ঘট-পট সোপাকে মাধৱদেৱে ধ্বজাৰ
হতুৱাই সেই পিনেই বেৰৰ চুকৰ পোলা কটোৱাই দুৰ কৰাই পেলোৱাই
দিয়ালে; আৰু চৰু-হাৰি পেলোৱাই ঘৰ লিপা-পোছা কৰাই গুৰপত্নীক
গা ধুৱাই তেওঁৰ হতুৱাই নকৈ ভাত ৰন্ধাই হে খালে।
পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৮৩
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৯
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ
![](http://upload.wikimedia.org/wikipedia/commons/thumb/5/5a/Mahapurus_Sri_Sankardev_Aru_Sri_Madhavadev.djvu/page83-924px-Mahapurus_Sri_Sankardev_Aru_Sri_Madhavadev.djvu.jpg)