পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭০
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


 শঙ্কৰদেৱ ধুৱাঁহাটত থাকোঁতেই তেওঁৰ মৰমৰ নুমলীয়া কন্যা ৰুক্মিণী বিবাহযোগ্যা হলত শঙ্কৰদেৱৰ পত্নীয়ে স্বামীক কলে যে “ছোৱালীটি বিয়া দিবৰ হল। মোৰ বৰ ইচ্ছা যে মাধৱতে কন্যাটি দিওঁ। আপুনি এই কথা মাধৱৰ আগত প্ৰস্তাৱ কৰক; আপুনি আজ্ঞা কৰিলে তেওঁ নিশ্চয় সম্মত হব।” ভাৰ্য্যাৰ এই কথা শুনি শঙ্কৰদেৱে উত্তৰ দিলে যে “তুমি কবলৈ কৈছা, মাধৱ আহিলে তেওঁক বাৰু কম, কিন্তু তেওঁ সম্মত নহব।” ভাটীবেলা মাধৱ শঙ্কৰদেৱৰ ওচৰলৈ আহিলত, শঙ্কৰদেৱে মাধৱক কলে “বঢ়াৰ পো, এটি কথা শোধা হব, কৰিবা নে?” তীক্ষ্ণবুদ্ধি মাধৱে ততালিকে সেইটো বুজিব পাৰি উত্তৰ দিলে “বাপ, যিটি কব খুজিছে, সেইটি কৰিবলৈ নকব, কৰিব নোৱাৰিম। সেইটিৰ বাহিৰে আপোনাৰ সকলো আজ্ঞা মূৰ পাতি লম।” শঙ্কৰদেৱে কলে “গৰ বান্ধি যুজিলে ভাল; শত্ৰুলৈ ভয় নাথাকে।” মাধৱে অতি বিনয় কৰি উত্তৰ দিলে, “গৰ বান্ধি যুজিলে ৰথী, গৰ নবন্ধাকৈ বুজিলেহে মহাৰথী।” এই বিনয় অথচ তেজী বচন শুনি শঙ্কৰদেৱে ক্ষণকালৰ নিমিত্তে অলপ ক্ষুণ্ণ হৈ শুধিলে “তুমি কাৰ বলত এনেকৈ কৈছা?" উপস্থিত বুদ্ধি সুচতুৰ মাধৱদেৱে আৰু নম্ৰভাৱে উত্তৰ দিলে “বাপ, আপোনাৰ পদধূলাৰ প্ৰসাদত। শ্ৰীচৰণৰ প্ৰসাদৰ বাহিৰে মোৰ আন বল বীৰ্য্য একো নাই।” এই কথা শুনি শঙ্কৰদেৱে সন্তোষ পাই মাধৱৰ প্ৰতি প্ৰেমভাৱে কলে “বঢ়াৰ পো, তোমাক যদি আগেয়ে লগ পালোঁহেঁতেন তেনেহলে এই গৃহাশ্ৰমৰ ভিতৰলৈ নগলোঁ- হেঁতেন। তথাপি তোমাক কওঁ যে শেহত ইয়াৰপৰা বাজ হৈ যোৱা হব।”

 ইয়াৰ পিছতো গুৰুপত্নীয়ে মাধৱক জেঁৱাই কৰিবৰ আশা এৰা নাছিল। তেওঁ প্ৰায় সৰহভাগ কন্যাৰ-মাকে কৰা বুধিকে ধৰি মাধৱৰ মন কোমলাবৰ মনেৰে ৰুক্মিণীৰ হতুৱাই মাধৱৰ লাচনি-পাচনি কৰোৱাইছিল। মাধৱে সেইটো বুজিব পাৰি, এদিন পদূলি মূৰত কন্যাটাক লগ পাই নিজৰ কান্ধত তুলি লৈ আহি মাকৰ আগত নমাই দিলেহি। সেইদিনাৰপৰা গুৰুপত্নীয়ে মনত অসন্তোষ পাই সেই আশা পৰিত্যাগ কৰিলে।