ততালিকে মাৰ গল, আৰু তেওঁ হাস্য কৰি কলে “বঢ়াৰ পোক কথাৰে
কোনেও জিনিব নোৱাৰে।" গুৰুপত্নীক এইদৰে আছকলীয়া মস্কিলৰপৰা
সৰুৱাই, মাধৱে অবলাক বল দি, দম্পতি কলহটোৰ বিজয় ফলটো কেনেকৈ
লুটিয়াই তেওঁৰ ফলীয়া কৰি দিলে চোঁৱা ;-ইয়াৰ পিছতে মাধৱে অতি
বিনয় কৰি গুৰুজনক কলে—“বাপ, আপোনাৰ শৰীৰত ক্ৰোধ পশিল ”
সেইদেখি স্নান কৰিব লগীয়া হল। এই কথা শুনি শঙ্কৰ দেৱে উঠি
গৈ স্নান কৰিলে।
যোগধাৰী নামে বিল এখনৰ পাৰত শঙ্কৰদেৱৰ আলধৰা ধ্বজাই কিছুমান সৰিয়হ খেতি কৰিছিল। সৰিয়হবোৰ পকিলত ধ্বজাই শঙ্কৰদেৱক জনালে যে সৰিয়হবোৰ তুলি আনিবলৈ বহুত মানুহ লাগে, নতুবা সবিয়হবোৰ নষ্ট হব। তেতিয়া মানুহ পোৱা মস্কিল হৈছিল দেখি শঙ্কৰদেৱ অলপ চিন্তিত হল। ইয়াৰ পিছদিনা মাধৱদেৱে আহি গুৰুক অলপ চিন্তাযুক্ত দেখি, তাৰ কাৰণটো জানিব পাৰি কলে “আপুনি চিন্তা নকৰিব, ইয়াৰ উপায় মই এতিয়াই কৰিম।” এই বুলি মাধৱদেৱে কিছুমান মাহ-প্ৰসাদ প্ৰস্তুত কৰি আৰু গুৱা-পাণ কাটি লৈ গৈ যোগধাৰী বিলৰ পাৰত বহি, ধ্বজাৰ হতুৱাই বৰ বৰ কাঠ অনাই তাতে ডাঙৰকৈ জুই একুৰা ধৰালে। সেই সময়ত যোগধাৰী বিলত মাছ মাৰিবলৈ বহুত মানুহ আহিছিল। মাছ মৰা মানুহবোৰ জাৰত ঠক্ ঠক্ কৰে কপিছিল। সিহঁতে সেই ডাঙৰ জুইকুৰা দেখি ওচৰ চাপি আহি জুই পুৱাবলৈ ধৰিলে। মাধৱদেৱে সিহঁতক মাহ-প্ৰসাদ আৰু গুৱা-পাণ দিলত, সিহঁতে খাবলৈ পাই মহা আনন্দ কৰিবলৈ ধৰি মাধৱদেৱক কলে ‘আমি আপোনাৰ কি উপকাৰ কৰিম কওক?” মাধৱদেৱে কলে যে “মোৰ আন একো সকাম নাই, কেৱল গুৰুৰ এই সৰিয়হডৰা পকি সৰি নষ্ট হব লগীয়া হৈছে, তোমালোকে যদি অলপ দয়া কৰা তেন্তে সি এতিয়াই উঠে।” এইকথা শুনি তেতিয়াই সকলো প্ৰজাই “উঠহঁক! ধৰ!” বুলি সৰিয়হবোৰ তুলি দি, মাধৱদেৱক ধন্য ধন্য বুলি শলাগি, হৰিধ্ৱনি কৰি গুচি গল।
মাধৱদেৱে প্ৰতিদিন এইদৰে গুৰুৰ সেৱা কৰি নোখোৱা-নোবোৱাকৈ ঘৰলৈ গুচি যায় দেখি গুৰুপত্নীৰ বৰ দুখ লাগে। এদিন সেইদেখি তেওঁ স্বামীক জনালে “মাধৱে প্ৰতিদিন দুপৰীয়া এইদৰে নোখোৱাকৈ গুচি