সমললৈ যাওক

পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৭
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


 শঙ্কৰদেৱ তীৰ্থলৈ যাওঁতে পথত মাধৱে যেনে গুৰুসেৱা কৰিছিল, বিস্ময় মানিব লাগে। প্ৰতিদিন শঙ্কৰদেৱ যি স্থানত নিশা থাকে, তাত মাধৱদেৱে ঠাই পৰিস্কাৰ কৰি আসন বসনৰ আল ধৰে; গুৰুজনক বিশ্ৰাম উপায় কৰি দি বজাৰৰ দ্ৰব্য বস্তু অনি গুৰুৰ ভোজনৰ নিমিত্তে সকলো দিহা কৰি দিয়ে; তাৰ পিছত শয্যা প্ৰস্তুত কৰি দি গুৰুক শয়ন কৰাই গুৰুৰ পাৱত তেল-খাৰণি ঘঁহি দি, গুৰুৰ নিদ্ৰা আহিলে তেতিয়াহে উঠি গৈ নিজে স্নান ভোজন আদি কৰি শয়ন কৰে।

 পথত যাওঁতে যাওঁতে এদিন নিশা শঙ্কৰদেৱৰ শৰীৰত শীত লগাত, তেওঁ মাধৱক কলে “তুমি আমি একত্ৰে শয়ন কৰো আহা।” মাধৱে এইকথা শুনি আচৰিত মানি উত্তৰ দিলে “বাপ, এনে কথা নুবুলিব, মই অধম আপোনাৰ লগত শয়ন কৰিবৰ পাত্ৰ নহওঁ।” গুৰুজনে হাস্য কৰি কলে “বঢ়াৰ পো, তোমাৰ আমাৰ ভিন্নভাৱ নাই; একো সংশয় কৰিব নালাগে।” এইদৰে গুৰুজনে দুই তিন দিন কোৱাত মাধৱে গুৰ বাক্য পালন কৰিবৰ নিমিত্তে গুৰুৰ শয্যাতকৈ অলপ নামনিত নিজৰ শয্যা পাৰি, কাপোৰ একেজাপ কৰি জাপি লৈ, এখন হাত বুকত আৰু আনখন কাপোৰৰ ওপৰত হৃদয়ৰ সমানে দি, প্ৰতিদিন শয়ন কৰিছিল।

 মাধৱৰ উপস্থিত বুদ্ধি আৰু কাৰ্যকুশলতাও অতি বিচক্ষণ আছিল। উপস্থিত বুদ্ধিৰে তেওঁ গুৰু আৰু গুৰুপত্নীৰ ভিতৰত লগা জেঙা সহজে মাৰি দিছিল; আৰু কাৰ্য্যকুশলতাৰ দ্বাৰাই গুৰুৰ অনেক কাৰ্য্য সুন্দৰকৈ উদ্ধাৰ কৰি দিছিল। উদাহৰণ স্বৰূপে এইখিনিতে দুটি ঘটনা উল্লেখ কৰোঁ।—এদিন শঙ্কৰদেৱৰ দাসী চন্দৰীয়ে ধান সিজাই শুকাবলৈ চোতালত মেলি দিছিল। শঙ্কৰদেৱৰ এটা প্ৰমত্ত বৃষভ আছিল, সি লৰি গৈ ধানবোৰ খাবলৈ ধৰিলে। শঙ্কৰদেৱৰ ভাৰ্যাই গৰুটো খেদাই, খঙৰ বেগত তাক গালি পাৰিলে “চোৰৰ গৰু। ধানবোৰ চুৰ কৰি খালিহি।” তেওঁৰ স্বামী শঙ্কৰদেৱ মাধৱদেৱৰে সৈতে তাতে আছিল। এই কথাষাৰ শুনি শঙ্কৰদেৱে ক্ৰোধ কৰি ভাৰ্যাক কলে ‘তোৰ ইমান সাহ, মোকে চোৰ বুলিলি দেখোন।” মাধৱদেৱে ততালিকে কথাষাৰ মূৰ পাতি ধৰি বিনয় কৰি প্ৰাৰ্থনা কৰি কলে-“বাপ, আইৰ কি দোষ হল, নুবুজিলোঁ। আপুনি গোকুলৰ কথা পাহৰিলে নে কি?” এইকথা শুনি শঙ্কৰদেৱৰ ক্ৰোধ