পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

নৱম অধ্যায়

মাধৱদেৱৰ গুৰুসেৱা

 মাধৱদেৱ আৰ্হি গুৰুসেৱক আছিল। তেওঁৰ গুৰু সেৱা নিভাঁজ নিৰহ নিপানী। তেওঁ নিতৌ ৰাতিপুৱা মাত্ৰকতে উঠি প্ৰাতঃকৃত্যাদি কৰি সংযত হৈ লৰালৰিকৈ শঙ্কৰদেৱৰ ঘৰলৈ আহি গুৰুজনৰ নিমিত্তে দাঁতোন, খৰিকা, তেল, পীৰা আদি স্নানৰ সম্ভাৰ যতনাই থৈ, গৈ, নিজে স্নান কৰি আহি, গুৰুজনে স্নান কৰিবলৈ তপত পানী আৰু চুৰিয়া গামোছ৷ দিয়েহি; গুৰুজনে বহি ঈশ্বৰৰ কথা চৰ্চা কৰিবৰ নিমিত্তে কঠ পাৰি দিয়ে; আৰু তাৰ পিছত কীৰ্ত্তন-ঘৰত বহি গুৰুজনেৰে সৈতে নাম প্ৰসঙ্গ কৰে। প্ৰসঙ্গৰ অন্তত গুৰুজন কীৰ্ত্তন-ঘৰৰপৰা ওলাই আহিলে, মাধৱে গুৰুজনৰ ভোজনৰ নিমিত্তে কাঁহী পীৰা আদি যতনাই দিয়ে। ভোজনৰ পিছত আহি বাহিৰত বহিলে, তেখেতক তেওঁ মুহুদি যোগায়। ইয়াৰ পিছত যেতিয়া গুৰুজন বিশ্ৰামৰ নিমিত্তে শয্যাত পৰে, তেতিয়া তেওঁ শুৰুজনক সেৱা কৰি উঠি নিজে ভোজন কৰিবৰ নিমিত্তে স্বগৃহলৈ যায়। ভোজন কৰি মাধৱে গুৰুজনক শয্যাতে পায়হি। এদিন মাধৱদেৱ এইদৰে আহি বহি আছে, গুৰুজন শয্যাত; এনেতে শঙ্কৰদেৱৰ নুমলীয়া জীয়েক ৰুক্মিণী দেৱীয়ে মাধৱদেৱক দেখা পাই, পিতৃক এই বুলি তুলিছিল- “উঠিয়োক পিতা তৱ মাধৱ বান্ধৱ। আসি বসি আছে কৰিবাক লাগি সেৱ॥”

 জীয়েকৰ এই কথা শুনি শঙ্কৰদেৱে প্ৰেমত আপ্লত হৈ জীয়েকক মৰম কৰি কলে “আই তুমি মাধৱক মোৰ বান্ধৱ বুলি জানিলা; তুমি ধন্য।”-“ধন্য ধন্য আই তুমি দুহিত্ৰী জন্মিলা। মাধৱক জানি তুমি সাৰ্থক লভিলা॥”