পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৭৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৫
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


শঙ্কৰদেৱে যিমান তেওঁলোকক জব্দ কৰিছিল, শঙ্কৰদেৱৰ ওপৰত তেওঁ লোকৰ অসুয়া সিমান বাঢ়িছিল।

 এই ধূৱাহাটত থাকোঁতেই শঙ্কৰদেৱৰ এটা সৰ্বসুলক্ষণীয়া কন্যা জন্ম হয়, তেওঁৰ নাম ৰুক্মিণী। ৰুক্মিণী কন্যা শঙ্কৰদেৱৰ বৰ আদৰৰ আছিল আৰু মাধৱদেৱেও এই কন্যাক নথৈ স্নেহ কৰিছিল।