জুমি চাই যেনে দেখিলে তেনে আহিৰে সেই মূৰ্তিখন কাটি প্ৰস্তুত কৰি
দিলত, শঙ্কৰদেৱে বাঢ়ৈক তাৰ কাৰণ শুধিলত বাঢ়ৈয়ে কলে “বাপ, যেনে
দেখিলোঁ তেনে কৰিলোঁ।” এই কথা শুনি শঙ্কৰদেৱে হাঁহি নামাতি
থাকিল। মুৰ্ত্তিখনৰ প্ৰাণ প্ৰতিষ্ঠা কৰিবৰ নিমিত্তে তেওঁ ৰামৰাম গুৰুক
আদেশ কৰি বই-বস্তু গোটাবলৈ কলে। এইকথা শুনি বিপক্ষ ব্ৰাহ্মণসকলে,
নিজৰ ভিতৰতে আলচি মুঠ বান্ধিলে যে “আমি মূৰ্তি প্ৰতিষ্ঠালৈ নাযাওঁ,
কাৰণ কাঠৰ মূৰ্তিখন শুদিৰ বাঢ়ৈয়ে ভৰি লগাই কাটছে যেতিয়া সেই
মুৰ্ত্তিক আমি ব্ৰাহ্মণ হৈ কেনেকৈ প্ৰদক্ষিণ কৰিম।” এই কথা শুনি
শঙ্কৰদেৱে ৰাৰ্মৰাম গুৰুক মাতি আনি কলে-“শুনা ৰামৰাম তুমি কৰা
নিমন্ত্ৰণ। প্ৰতিষ্ঠাক লাগি আসিবেক সৰ্বজন॥ আচাৰ্য্য কন্দলি মিত্ৰ
উপাধ্যায় ভাৰতী। কাকো সোণা তোলা আদ তোলা কাকো প্ৰতি॥
ভাস্কৰাদি ব্ৰাহ্মণক এক মসা কৰি। পাট ভুনি কাকো দিবে কম্বল সাদৰি॥
এহি মতে আয়োজন কৰা গুৰু তুমি। বহল কৰিয়া নিৰ্মায়োক গৈয়া
ভূমি॥” এই কথা প্ৰচাৰ হলত, নাহোঁ বুলি মুঠ বন্ধা ব্ৰাহ্মণ সকলোবোৰ
অহি মহা আনন্দৰে সেই উৎসৱত যোগ দি দক্ষিণা লবলৈ ধৰিলে।
সেই ব্ৰাহ্মণ সকলক দক্ষিণ-পাতি দি, শঙ্কৰদেৱে বিনয় কৰি শুধিলে-
‘শঙ্কৰে বোলন্ত শুনা মিশ্ৰ আদি কৰি। সমুচিত কথা সোধো কহা দয়া
কৰি॥ ঈশ্বৰৰ মূৰ্তি ইতো হয় নুহিকয়। তাঙ্ক সেৱা কৰি গতি পাৱে
নপাৱয়।” এই কথা শুনি ব্ৰাহ্মণসকলে উত্তৰ দিলে-“হেন শুনি কহিলন্ত
বিপ্ৰ নিৰন্তৰ। গীতা ভাগৱতে কহি আছন্ত ঈশ্বৰ॥ মৃত্তিকা পাষাণ
দেৱ জলো তীৰ্থ হয়। কিন্তু চিৰকালে সেবি মুকুতি লভয়॥ দৰশন
মাত্ৰে শুদ্ধ কৰে সাধুচয়। দেৱতা তীৰ্থতো কৰি সাধু শ্ৰেষ্ঠ হয়॥” এই
উত্তৰ শুনি শঙ্কৰদেৱে আকৌ লাহেকৈ তেওঁলোকক শুধিলে যে সাধু কাক
বোলে? তেওঁলোকে উত্তৰ দিলে-“শ্ৰৱণ কীৰ্ত্তণ আদি ভকতি কৰয়।
তাসম্বাক সাধুবুলি কহে বিপ্ৰচয়॥" এই কথা শুনি শঙ্কৰদেৱে তেওঁলোকক
কলে যে যদি দেৱতা আৰু তীৰ্থকো আৰু তীৰ্থতকৈয়ো সাধুক শ্ৰেষ্ঠ বোলা,
তেন্তে এনে সাধুক তোমালোকে নিন্দা কৰা কিয়?” বাক্ষণসকলে এইবাৰ
স্বীকাৰ কৰিবলৈ বাধ্য হল যে “বেদাদি সকলো শাস্ত্ৰই কয় সাধুক নিন্দা
কৰিলে নৰকগামী হব লাগে।” কিন্তু বিদ্বেষী ব্ৰাক্ষ্মণ সকলৰ দৰ্পচূৰ কৰি
পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৭৮
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৪
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ