সপ্তম অধ্যায়
নামধৰ্ম্ম প্ৰচাৰ
সোণত সুৱগা স্বৰূপ শঙ্কৰ মাধৱৰ মিলন হলত, হৰিকীৰ্ত্তনৰ ধ্বনি ধুঞাহাট বেলগুৰিৰ গগন লঙিঘবলৈ ধৰিলে। কীৰ্ত্তনঘোষা শাস্ত্ৰৰ পদ পূণ কৰিবৰ নিমিত্তে শঙ্কৰদেৱে তাতে “প্ৰহলাদ চৰিত্ৰ” আৰু “শিশুলীলা” ৰচনা কৰে। তাৰ পিছত তেওঁ তাতে কীৰ্ত্তনৰ “কংসবধ”লৈকে পদ কৰে। ৰামৰাম গুৰু আৰু ৰামদাস, এওঁলোক দুইজনে ওজা আৰু মাধৱদেৱে ডাইনাপালী হৈ কীৰ্ত্তন কৰি হৰি-কথা-ৰসেৰে বেলগুৰি থান ঢৌৱাই দিবলৈ ধৰিলে। চাৰিওঁফালৰপৰা মানুহ আকৃষ্ট হৈ আহি শঙ্কৰদেৱৰ প্ৰচাৰিত ধৰ্ম্ম ধৰিলেহি। চৰিত্ৰত আছে, এদিন কেতাই খাঁৰ দ্বাৰাই নিমন্ত্ৰিত হৈ শঙ্কৰদেৱে মাধৱদেৱক প্ৰমুখ্য কৰি ভক্তসকলক লৈ কেতাইখাঁৰ ঘৰত হৰিকীৰ্ত্তন পাতিলে। ৰামৰাম গুৰুৱে কীৰ্ত্তনৰ ওজা হৈ, নতুনকৈ ৰচিত কংসবধৰপৰা পদ আনি পদ দি থাকোঁতেই, শ্ৰীকৃষ্ণই অস্বষ্ঠৰে সৈতে কুবলয় হস্তী মাৰি হস্তীদন্ত কান্ধত লৈ কংসৰ ৰঙ্গশালা প্ৰবেশ কৰা পদ পালতে, ৰামৰাম গুৰু প্ৰেমভাৱত মজি আপোন পাহৰি কৃষ্ণভাৱাপন্ন হৈ হঠাৎ তেওঁ সভাঘৰৰ খুটা এটা দুই হাতেৰে ধৰি উভালি কান্ধত তুলি লৈ লীলাগতি কৰি যাবলৈ ধৰিলে। সভাসদসকলে দেখি অবাক। তেওঁলোক ত্ৰস্ত হৈ উঠি পলাই যাব খোজা দেখি মাধৱদেৱে লৰি গৈ; ৰামৰাম গুৰুক ধৰি তেওঁৰ কান্ধৰপৰ খুটাটো নমাই দূৰলৈ পেলাই দিলে। খুটাটোৰ তিনি হাত মাটিত পোত আছিল, আৰু তিনটা মুনিহেও সহজে ধৰি তাক তুলিব নোৱাৰে।
এদিন মাঘ মহীয়া জাৰকালি ৰাতি, ৰামদাসে ওজা হৈ কীৰ্ত্তন কৰি প্ৰহলাদ চৰিত্ৰৰ পদ দি থাকোঁতে প্ৰেমভাৱে তেওঁৰ মন ধৰিলত তেওঁ প্ৰহ্লাদ-ভাবাপন্ন হৈ, সভাঘৰৰ মাজত জ্বলি থকা ধমধমীয়া জুইৰ মাজত