পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


কৰি, শঙ্কৰদেৱক গুৰু মানি সেৱা কৰিলে। মাধৱে হঠাৎ শঙ্কৰদেৱক সেৱা কৰিলত, শঙ্কৰে ভাবিলে যে মাধৱে বিদায় লবৰ মনেৰে হে তেনে কৰিলে। সেইদেখি শঙ্কৰদেৱক মাধৱে দ্বিতীয়বাৰ সেৱা কৰাৰ কাৰণ শঙ্কৰদেৱে তেওঁক শুধিলত মাধৱদেৱে কলে “বাপ, আপুনি বৰ ভূয়াঁবৰ লোক বুলি, আহিয়েই আপোনাক সেৱা কৰিছিলোঁ, এইবাৰ বাদত ভঙ্গ দি আপোনাক গুৰু মানি সেৱা কৰিলোঁ।” এই কথা শুনি শঙ্কৰদেৱে সন্তুষ্টহৈ তেওঁক আশ্বাস কৰি, বিদায় দি, পিছ দিনা পুৱা ৰামদাসেৰে সৈতে তেওঁক আকৌ আহিবলৈ কলে। ইয়াৰ পিছৰপৰাই মাধৱদেৱে পৰম ভক্তিভাৱে তেওঁৰ গুৰু শঙ্কৰদেৱৰ সেৱা সুশ্ৰুষা কৰি ভাগৱতী ধৰ্ম্ম প্ৰচাৰত শঙ্কৰদেৱৰ তেওঁ পৰম সহায় হল। শঙ্কৰদেৱে মাধৱদেৱক লাভ কৰি পৰম প্ৰেমত অপ্লুত হৈ কলে “বঢ়াৰ পো, তোমাক পাই মই সম্পূৰ্ণ হলোঁ।”