পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


জাপ মাৰি পৰি হৰিৰ নাম সুমৰণ কৰিবলৈ ধৰিলে। সকলোৱে ধৰ ধৰ কৰিবলৈ ধৰিলে। মাধৱে হাতৰ মন্দিৰা খহাই লৰালৰিকৈ ৰামদাসক জুইৰপৰা টানি তুলি ঘৰলৈ পঠিয়াই দিলে। আশ্চৰ্য্য়ৰ বিষয় যে তেওঁৰ শৰীৰত অলপো অগ্নিৰ পীড়া হোৱা নাছিল।

 মাধৱদেৱ, মাধৱদেৱৰ বৈনাই ৰামদাস, ৰামৰাম গুৰু, ৰত্নাকৰ কন্দলি, ব্যাসকলাই বাপু আদি ভক্তসকলেৰে সৈতে শঙ্কৰদেৱে হৰিকীৰ্ত্তনৰ চলেৰে উজনি-আসাম বুৰাই পেলাইছিল। (১) শঙ্কৰদেৱে ৰত্নাকৰ কন্দলিক (২) প্ৰত্যহ গীতা পাঠ কৰিবলৈ দিয়ে, ব্যাসকলায়ে হৰিধ্বনি কৰি সকলোকে ৰামনাম বোলাই তাৰ অৰ্থ ব্যাখ্যা কৰি দিয়ে।

 মাধৱদেৱে শ্ৰীশঙ্কৰদেৱৰ সঙ্গ লাভ কৰাৰ আগ ডোখৰতে, বিবাহ কৰাবৰ ইচ্ছা কৰি এজনী কায়স্থ কন্যাক জোৰণ পিন্ধাই থৈছিল। কিন্তু এতিয়া তেওঁৰ মনৰ পৰিবৰ্ত্তন ঘটিল। গুৰু সেৱা, ধৰ্ম্ম প্ৰচাৰ, কৃষ্ণনাম শ্ৰৱণ কীৰ্ত্তনত তেওঁ আত্মসমৰ্পণ কৰি বৈষয়িক জঞ্জাল আৰু বিষয় সুখলৈ একেবাৰেই পিঠি দিলে। সেইদেখি তেওঁ আৰু বিবাহ নকৰাবলৈ কৃত-সঙ্কল্প হল। এদিন তেওঁ গুৰুজনক জনালে “বাপ, আমি জোৰোণৰ কন্যা পৰিত্যাগ কৰি গহনা-পাতি ওভোতাই অনিবলৈ যাব খুজিছোঁ;শ্ৰীচৰণৰ আদেশ পালেই যাব পাৰোঁ” এই কথা শুনি শঙ্কৰদেৱে কলে “তোমাক অলঙ্কাৰ ওভোতই কিয় দিব?” মাধৱে উত্তৰ দিলে ‘শ্ৰীচৰণৰ


 (১) “ৰাম ৰাম গুৰু ৰামদাস ওজা দুই। মাধৱে কীৰ্ত্তন কৰে ডাইনা পালী হই॥ গগনমণ্ডল হোৱে কীৰ্ত্তনৰ ধ্বনি। আনন্দ-সাগৰে লোক মজে তাক শুনি॥ স্বভাৱে কীৰ্ত্তনঘোষা পৰম সুন্দৰ। এখনো মিলয় শুনি আনন্দ লোকৰ॥ তাতে আৰো ঈশ্বৰে আপুনি তাল ধৰি। গাৱন্ত মহিমা তাৰ কোনে কৈবে পাৰি॥ আগতে শঙ্কৰদেৱ থাকন্ত সাক্ষাত। মিলে জানা আনন্দ অপৰিমিত তাত॥” -দৈত্যাদি ঠাকুৰ।

 (২) “ৰত্নাকৰ কন্দলি পঢ়ন্ত গীতা তয়। বিয়াস কলাই নামে জনেক আছয়॥ তাঙ্ক সম গুণী নাই জাতিত ব্ৰাহ্মণ। শঙ্কৰদেৱত তেহোঁ লৈয়াছে শৰণ॥ দুই চাৰি শ্লোক গৈলে গীতাৰ নিশ্চয়। থিৰ হুয়া সিটো সব সভাত কহয়॥ হে সভাসদ লোক থিৰ কৰি মন। শুনা সাৱধানে ইটো কৃষ্ণৰ বচন॥ এহি বুলি সিটো সবে লোকক শুনাই। গীতাৰ অৰ্থক কহে সভাত বুজাই॥ ওপৰক দুই হাত তুলি উচ্চ কৰি। বোলে ঘনে ঘনে সবে বোলা হৰি হৰি॥ সৱলোকে ঝোট ঝোট কৰে হৰি ৰাৱ। সবাৰো মনত মহা আনন্দ উৎসৱ॥ কতোক্ষণ ভৈলে কৰি গীতা সম্বৰণ।হৰিৰে কৰন্ত সবে গৃহক গমন॥” -দৈত্যাৰি।