হৈ শঙ্কৰদেৱৰ ওচৰ পালেগৈ। শঙ্কৰদেৱে তেওঁলোকক বহিবলৈ আসন দিয়াই ৰামদাসক মাধৱৰ কথা শুধিলে, “এইজন সুন্দৰ পুৰুষ কোন? কাৰ পুতেক? কৰপৰা আহিছে, আৰু অহাৰ সকাম বা কি? স্বভাৱতে বৰ শান্ত দেখিছোঁ।”
এই প্ৰশ্ন শুনি ৰামদাসে শঙ্কৰদেৱক মাধৱৰ সকলো পৰিচয় দি,তেওঁ কিয় আহিছে তাৰ কাৰণ কলে, আৰু কলে যে তেওঁ আপোনাৰে সৈতে বাদ কৰিবলৈ আহিছে। শঙ্কৰদেৱে এই কথা শুনি সন্তোষ পাই হাঁহি কলে -“মনু বাইৰ পুতেক ইমান ডাঙৰ হল, যে মূৰে মূৰে ঠেকা লাগিলেও মই চিনি নাপাওঁ।”
ইয়াৰ পিছত দুইৰো বাদ হল। শঙ্কৰদেৱে নিবৃত্তি মাৰ্গৰ শাস্ত্ৰৰ প্ৰমাণ, আৰু মাধৱদেৱে প্ৰবৃত্তি মাৰ্গৰ শাস্ত্ৰৰ প্ৰমাণ দি বাদ কৰি থাকোঁতেই বেলি তিনি-ভৰীয়া হল গৈ, তথাপি দুইজনৰ কথা নিছিগে। এনেতে শঙ্কৰদেৱে শ্ৰীমদ্ভাগৱতৰপৰা এই শ্লোকটি মাতিলে-
“যথা তৰোৰ্মূল নিষেচনেন।
তৃপ্যন্তি তৎস্কন্ধ ভুজাপশাখাঃ॥
প্ৰণোপহাৰাচ্চ যথোন্দিয়ানাং।
তথাচ সৰ্ব্বাৰ্চ্চনমুচ্যতেভ্যঃ॥
মাধৱে শ্লোকটো শুনা মাত্ৰকতে, শঙ্কৰৰ শুদ্ধ মত ইয়াকে সাৰোগত কৰি, কেৱল এক মাত্ৰ কৃষ্ণদেৱ হে উপাস্য দেৱতা ইয়াকে মনত নিশ্চয়
*“বৃক্ষৰ মূলত যেন দিলে আনি জল।
হোৱয় তৃপিতি তাৰ পত্ৰ পুস্প ফল॥
ডালে পাতে সিঞ্চে যদি মূলত নেদয়।
কদাচিতো ডালে পাতে তৃপিতি নহয়॥
ক্ষুধাতুৰ নৰে যদি অন্নক ভুঞ্জয়।
তৃপিতি হোৱন্ত ইন্দ্ৰিয় আতিশয়॥
ভোজন বিহীনে পিন্ধে ব্ৰস্ত্ৰ অলঙ্কাৰ।
ইন্দ্ৰিয়ৰ কিছু প্ৰীতি নহয় তাহাৰ॥
কৃষ্ণক পজিলে সমন্তৰে পূজা হয়।
পৃথকে পূজিলে পূজা কেহোঁ নলৱয়॥”