হল। ককায়েকে এই বাতৰি পাই, তেওঁক আকৌ ঘৰলৈ ওভোতাই
লৈ গল। কিছুদিনৰ মূৰত তেওঁৰ গা ভাল হলত, ককায়েকে এখন নাৱত
তামোল ভৰাই মাধৱক দি উজাই পঠিয়াই দিলে। বাটত আহোঁতে মাধৱে
তেওঁৰ মাকৰ বৰ নৰীয়া বুলি শুনি মহা চিন্তিত হৈ, শৰৎ কালৰ গোসানী
পূজাৰ নিমিত্তে এজোৰ বগা পাঠা আগ কৰিলে। তেওঁ ভাণ্ডাৰীডুবি
পাই নাও ৰাখি উঠি লৰালৰিকৈ মাকক চাবলৈ গৈ দেছিলে যে মাকৰ
নৰীয়া ভাল হৈছে। মাধৱে বৈনায়েক ৰামদাসক কলে যে “মাতৃৰ নৰীয়া
শুনি শোকাতুৰ হৈ মই এজোৰ বগা পাঠা শৰৎকালিৰ দেবীপূজাৰ নিমিত্তে
আগ কৰিছিলো। এতিয়া পূজাৰ ওচৰ চাপিছে, সেইদেখি মই এই টকা
দিছোঁ, তুমি মোক বগা পাঠা এজোৰ আনি দিয়া।” এই কথা শুনি
ৰামদাসে পাঠা আনি দিম নিদিম একো নকৈ মনে মনে থাকিল। মাধৱে
ভাবিলে যে বৈনায়েকে তেওঁক ছাগ আনি দিব। কিন্তু পূজা বৰ ওচৰ
পালেহি, তথাপি ৰামদাসে ছাগ অনি নিদিয়া দেখি মাধৱে এদিন খং
কৰি তেওঁক কলে “হোকোবাকুচীয়াৰ পো বুদ্ধিত পাগল। কিয় আনি
নিদিয়া মোক পজাৰ ছাগল?' এই কথা শুনি বৈনায়েকেও খং কৰি
উত্তৰ দিলো—
“আমাৰ আগত দেখুৱাহা বৰ চোট।
শঙ্কৰক লাগ পাইলে হৈবা লোটসোট॥”
“তুমি নুবুজি ইমান দিন পাঠা পাঠা কৰিব লাগিছা; বিনাশী কাৰ্য্যৰ নিমিত্তে কোনে পাঠা কিনে? ব্ৰহ্ম অংশী জীৱ তাক কি নিমিত্তে তুমি বধ কৰি আপোনাৰ দুখ অপুনি আৰ্জিবা? জীৱহত্যা কৰি অন্য দেৱক পুজি বিনাশী স্বৰ্গলাভ কৰি আকৌ নৰক ভুঞ্জিব লাগিব।” বৈনায়েকৰ এই উত্তৰ শুনি মাধৱে তেওঁক শুধিলে-“এই কথা তুমি কত পালা? ইমান দিনে মই ইমানবোৰ শাস্ত্ৰ পঢ়িলো, তাত দেখোন এই ব্যৱস্থা আছে।” বৈনায়েকে কলে যে বাৰু “মোৰে সৈতে আৰু দন্দ কৰিবৰ সকাম নাই, শঙ্কৰৰ ওচৰত ইয়াৰ ভাল মন্দৰ ব্যৱস্থা পাব।” এই কথা শুনি মাধৱে কলে “বলা, উঠা তেওঁৰ ওচৰলৈ যাওঁ; কেনেকৈ নো তেওঁ মোক তৰ্কত ভঙ্গায় চাওঁ।” বৈনায়েকে কলে যে “অজি বেলা গল, কাইলৈ যামহঁক।” এই বুলি দুয়ো থাকি পিছ দিনা পুৱাই স্নান আহ্নিক আদি কৰি সাজু