সুন্দৰকৈ আঞ্জা ৰান্ধিলে; আৰু সেই আঞ্জা জ্ঞাতিসকলে শলাগি শলাগি খালে। দামোদৰে মাধৱৰ কাৰ্য্য় দেখি অতিশয় সন্তোষ পাই, ভায়েকক ধন্য ধন্য বুলি শলাগিবলৈ ধৰিলে।
ইয়াৰ পিছত কিছুদিন মাধৱদেৱ তাতে থাকি, ককায়েকৰ ওচৰত বিদায় লৈ, মাতৃক চাবলৈ আহিল। মাতৃয়ে তেওঁৰ স্বামীক নেদেখি শোকাতুৰা হৈ মাধৱক শুধিলত, মাধৱে পিতৃৰ মৃত্যুৰ বাতৰি মাকক কলে। মাকে এই খবৰ শুনি মাটিত ঢাচ্কৰে পৰি অনেক কান্দি-কাটি, হাতৰ শঙ্খৰ-খাৰু আৰু কপালৰ সেন্দুৰ পৰিত্যাগ কৰিলে।
কিছুকাল মাকৰ লগত থাকি মাধৱদেৱে তেওঁৰ ভাগৰ বস্তু আনিবলৈ আকৌ বাণ্ডুকালৈ গল। দামোদৰে ভায়েকক দেখি সন্তোষ পাই, মজিন্দাৰ কামত নিযুক্ত কৰি দিলে। ছমাহ মাধৱদেৱে মজিন্দাৰী কাম কৰিলে। ছমাহৰ মুৰত এদিন ককায়েকে হিচাপৰ কাকতপত্ৰ চাই দেখিলে,যে কাকতত কাৰো বিলাতৰ বাকী ৰখা নাই। এনে দেখি তেওঁ খং কৰি ভায়েকক কলে “কি কাম কৰিলি বাপু, বাকী নাৰাখিলি। আমাৰ কাথালি বৃত্তি সকলো নাশিলি॥” এই বুলি খং কৰি মাধৱক কামৰ ঠাইৰ পৰা ঘৰলৈ পাছি দিলে। কিন্তু মাধৱদেৱে এই বিষয়ৰ হাত সাৰি মনত বৰ ৰংহে পালে। এইদৰে কিছুমান দিন ঘৰতে থকাৰ পিছত, ককায়েক ঘৰলৈ উভতি আহিলত, মাধৱে তেওঁক পৈতৃক সম্পত্তিৰ ভাগ খুজিলে। ককায়েকে মাধৱক সেই বস্তুৰ ভাগ দিলত, মাধৱে মনতে গুণি থিৰ কৰিলে যে “ইসব দ্ৰব্যত কোন সাৰ নাহিকন্ত॥ ইথানত নাহি কিছু ভক্তি আলোচন। নাহিকয় সন্ত সাধু আৰু বিজ্ঞ জন॥ মাতৃয়ো আছন্ত জানো শোকাকুলা মন। এতেকে যাইবাক লাগি কৰোহো যতন॥” ইয়াকে ভাবি তেওঁ তেওঁৰ ভাগৰ সম্পত্তিবোৰ আকৌ ককায়েকক দি দিলে। ককায়েকে মাধৱৰ এই কাৰ্য্য় দেখি আচৰিত মানি, বৰ সন্তোষ পালে। বৌৱেকে মাধৱক বৰ মৰম কৰিছিল; তেওঁ তেতিয়া স্বামীক কলে “চাওক চোন মোৰ দেওৰ কেনে বঢ়িয়া মানুহ।”
ইয়াৰ পিছত মাধৱদেৱে মাকৰ ওচৰৰৈ উজাই আহিবলৈ ইচ্ছা প্ৰকাশ কৰিলত ককায়েকে বিষাদ কৰি, নাও এখন বন্দবস্ত কৰি দিলে। নাৱত উঠি অলপমান উজাই আহোঁতেই মাধৱদেৱৰ খৰগ্ৰহণী ৰোগ উপস্থিত