হৈ আছিলোঁ; আজি হে তোমাক দেখি আমাৰ ধাতু আহিল। বলাঁ ভিতৰলৈ বলাঁ।” মাধৱদেৱক দেখি দামোদৰে শুধিলে “পিতা, এইটি কাক তুমি লগত আনিছা?” বাপেকে কলে “বাপু, এইটি তোমাৰ কনিষ্ঠ ভাই। মই টেম্পাৰাণি জানত থাকোঁতে যাক বিয়া কৰাইছিলোঁ, তেওঁৰ গৰ্ভত এইটি পুত্ৰ আৰু এটি কন্যা জন্ম হৈছিল। কন্যাটিক এজন ভূয়াঁলৈ বিয়া দি মাকৰে সৈতে জোঁৱাইৰ লগত থৈ আহিছোঁ।” এই কথা শুনি দামোদৰে মাধৱক সাবট মাৰি ধৰি মৰম কৰি কলে “বোপা, কি ভাগ্যে মই তোমাক ভাই পাইছে৷; এই ঘৰবাৰী সকলো তোমাৰ, তুমি ইয়াতে থাকা।”
মহোদৰ আতা দুই পুতেকে সৈতে বাণ্ডুকাতে কিছুকাল আনন্দ মনেৰে আছিল। কালক্ৰমত তেওঁৰ তাতে মৃত্যু ঘটিল। দুই পুতেকে তেওঁৰ কাঠ-সংস্কাৰ কৰিলে। দামোদৰে মহা খেদ কৰিবলৈ ধৰিলে, যে তেওঁৰ হাতত সৰহকৈ ধন নাই, যাতে তেওঁ যথাযোগ্যৰূপে বাপেকৰ শ্ৰাদ্ধাদি কৰি ব্ৰাহ্মমণসকলক দক্ষিণা দিয়ে। তেওঁক সকলোৱে সেই ঠাইত ৰজাৰ দেৱান বুলি জানে, সেইদেখি তেওঁ তেওঁৰ পদ অনুসৰি ব্ৰাহ্মণসকলক দক্ষিণা দিব নোৱাৰিলে, সকলো ব্ৰাহ্মণে তেওঁক শাও দি যাব।” এই কথা শুনি মাধৱদেৱে ককাইদেৱকক কলে যে “দাদা, তুমি খেদ নকৰিবা; মই “ইয়াৰ ব্যৱস্থা কৰিম।” ইয়াকে কৈ তেওঁ কিছুমান টকা ভঙাই আধলি সিকি কৰি লৈ ব্ৰাহ্মণসকলৰ ঘৰে ঘৰে গৈ তেওঁলোকৰ দক্ষিণা আগে আগে থৈ অতি বিনয় কৰি জনাই তেওঁলোকক প্ৰসন্ন কৰিলে। ব্ৰাহ্মণসকলে মাধৱৰ নম্ৰ বচনত সন্তুষ্ট হৈ কলে যে “আমি যদি ঘৰতে বহি দক্ষিণা পালোঁ, আৰু শৰাধলৈ যাবৰ সকাম কি।” ককায়েকে মাধৱৰ এই বুদ্ধি দেখি সন্তোষ পাই মাধৱক শলাগিবলৈ ধৰিলে। ইয়াৰ পিছত দুয়ো পিতৃৰ শ্ৰাদ্ধ সুকলমে সমাপন কৰিলে। কিন্তু গিয়াতালিৰ দিনা ভোজলৈ যি মাছ অনা হৈছিল,সেই মাছ দৈবাৎ গেলা ওলাল। দামোদৰে বেজাৰ কৰি মাধৱক কলে “বোপা মাছ গেলা; এই মাছেৰে ভোজ ৰান্ধি জ্ঞাতিসকলক খুৱাবলৈ গলে,তেওঁলোকে ক্ৰোধ কৰিব। ন-কৈ মাছ কিনিবলৈকো ধনৰ অনাটন;এতেকে কি কৰা যায়, মই বিমোৰত পৰিলোঁ।” মাধৱে এই কথা শুনি ককায়েকক কলে যে “দাদা, তুমি খেদ নকৰিবা; মই এই মাছেৰেই নিজে আজ্ঞা ৰান্ধি দিম, সকলো সন্তুষ্ট হব।” এই কথা কৈ মাধৱে নিজ হাতে সেই মাছৰ