পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


পৰিত্যাগ কৰিবলৈ থিৰ কৰি কলে যে “মোৰ এজন সমন্ধীয়া ভাই আছে,তেওঁৰ ঘৰলৈকে যাওঁহঁক।” তেওঁলোক গৈ সেইজনৰ ঘৰ পালত, মহোদৰক সেইজনে বহিবলৈ পীৰা দিলে। মহোদৰৰ ভাৰ্য্যাক ঘৰৰ ভিতৰলৈ মতাই নি, অনাদৰ অশ্ৰদ্ধা কৰি ভৰি ধুবলৈ পানী দিলে। এপৰমান তেওঁলোক বহি থকাৰ পিছত, গিৰিহঁতে এখন কুঠাৰ মাধৱক উলিয়াই দি খৰি ফালিবলৈ কলে। মাধৱে খৰি ফালি আছে, গিৰিহঁতে খৰিবোৰ ভিতৰলৈ সুমাই নি আছে। মাধৱে দেখি কথাটো বুজি শেহৰ ধৰি কেই ডালৰ ওপৰত বহিলত হে সেই কেইডাল নিনিয়াকৈ ৰল। ইয়াৰ পিছত বেলি কৰি গিৰিহঁতে তেওঁলোকক চাউল আৰু চৰু দিলে; আৰু চাউল ইমান তাকৰীয়া যে তিনিজনে খাবলৈ নাটে। মাধৱদেৱে তাকেই ৰান্ধি পিতৃ মাতৃক দিলে। মাতৃয়ে তাকৰীয়া চাউলৰ ভাতে নাটে বুলি নাখাওঁ বুলিছিল;কিন্তু মাধৱৰ অনুৰোধত খাবলৈ বহিলত, দেখিলে যে ভাতে তিনিউকো আটিলে। সম্বন্ধীয়া ভাইৰ এনে ব্যৱহাৰ দেখি বৰকণা গিৰীয়ে প্ৰভাততে ভাৰ্য্যা পুত্ৰৰে সৈতে তাৰপৰা ওলাই আন ঠাই বিচাৰি গল। তেওঁ পুতেকক কলে “বোপা, ঘাগৰত ঘাগৰী-মাজী নামে মোৰ এজন বান্ধৱ আছে, তেওঁৰ ওচৰলৈকে যাওঁ বলা।” এইবুলি তেওঁলোকক ঘাগৰৰ ফালে যাবলৈ ধৰিলে। বাটত যাওঁতে যাওঁতে দুপৰীয়া হলত মাধৱদেৱৰ পিতৃ ভোকত কাতৰ হৈ পৰি এজোপা বৰ গছৰ ছাঁত বহিল। ভোকত তেওঁৰ গা ইমানকৈ ৰহিছিল যে তাতে তেওঁৰ টোপনি আহিল। মাধৱদেৱে পিতৃ মাতৃৰ এনে কষ্ট দেখি, তেওঁলোকলৈ কিবা খোৱা বস্তু কত পোৱা যায় বিচাৰি গৈ,এখন এৰাবাৰীত এটা কুমলীয়া লাও দেখি, তাকে পাৰি আনি, বাঁহৰ কৰ্দ্দনী এচলাৰে চুছি তেওঁলোকক খাবলৈ দি, নিজেও অলপ খালে। তাকে খাই অমৃত যেন পাই তেওঁলোক সুস্থ হৈ লাহে লাহে যাবলৈ ধৰিলে। যাওঁতে যাওঁতে গধুলি বেলিকা বাটৰুৱা এঘৰত কান্দোন শুনি মাধৱদেৱে তাৰ কাৰণ শুধি জানিলে যে সেই গৃহস্থই পাট-পলু পুহি প্ৰবৰ্ত্তে। কোনো কাৰণত সেইদিনা গৃহস্থৰ পাট-পলুবোৰ মৰি গল, সেইদেখি বেজাৰত তেওঁলোকে কান্দিছে। এই কথা শুনি মাধৱদেৱে গৃহস্থক আশ্বাস দি পলুবোৰ তেওঁৰ আগলৈ আনিবলৈ কলত গৃহস্থই ডলা এখনত আনি দিলে। মাধৱে তেওঁক আৰু এখন ডলা আনিবলৈ কৈ পলুবোৰ বৰ সৰু অনুসাৰে ভগাই