পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


 মাধৱ চৌদ্ধ পোন্ধৰ বছৰ বয়সীয়া হলত উজিৰে নিজৰ কাৰ্য্যত ইফাল সিফালে ফুৰিবলৈ যাওঁতে লগে লগে মাধৱক লৈ ফুৰিছিল। এদিন মাধৱে উজিৰৰ লগত বৰ নাৰায়ণপুৰ চাবলৈ যাওঁতে তিতা-চোমদাৰ নামেৰে ভদ্ৰলোক এজনৰ ঘৰৰ আগৰ বাটেদি গৈছিল। চোমদাৰৰ ঘৰৰ আগতে এজোপা ডাঙৰ চম্পা গছ আছিল; তাত ডাঙৰ ডাঙৰ পাহিৰে চম্পা ফুল ফুলি থকা দেখি মাধৱে চোমদাৰক সেই ফুল পাৰি দিবলৈ কলে। চোমদাৰে ইমানজোপা ভয়ঙ্কৰ গছত উঠি কেনেকৈ ফুল পাৰি দিব বুলি কোৱাত, মাধৱদেৱে তেওঁক নেৰানেপেৰাকৈ ধৰি কলে তাৱই “তোমাৰ গাত শকতি আছে,তুমি ফুল পাৰিব পাৰিবা।” চৰিত্ৰত আছে,এই কথা শুনি উজিৰে গছজোপাৰ গুৰিত সাবটি ধৰি জোকাৰ মাৰি দিলত, এটা ডাল ভাগি পৰিল। সেই ডালটোত সাত অঙ্গুল দীঘল পাহিৰে চম্পাফুল আছিল, সেই ফুল আনি উজিৰে মাধৱক দিলত মাধৱে আনন্দ মনেৰে তাক পিন্ধি উজিৰক শলাগিবলৈ ধৰিলে।

 ইয়াৰ কিছুদিনৰ পিছত মাধৱে উজিৰক কলে যে “তোমাৰ লেটেকুপুখুৰীৰ পাৰতে আমাক ঘৰ সজাই দিয়া, আমি তালৈকে যাওঁ।” এই কথা শুনি উজিৰে তেওঁলোকৰ নিমিত্তে লেটেকু পুখুৰীৰ পাৰতে ঘৰ সজাই দিলে আৰু পিতৃ মাতৃৰে সৈতে মাধৱদেৱে আনন্দ মনেৰে তাতে থাকিবলৈ ধৰিলে।

 কিছুকালৰ পিছত হৰশিঙ্গা বৰা উজিৰৰ মৃত্যু হল; দেশত দুৰ্ভিক্ষ আৰু বিভ্ৰাট হবলৈ ধৰিলে। বৰকণা গিৰীৰ হাতত যি ধন আছিল সেই ধন ঢুকুৱাত তেওঁলোকৰ দুখ হবলৈ ধৰিলে দেখি, মাধৱে এদিন তেওঁৰ পিতৃক শুধিলে যে আমাৰ কোনো মিতিৰ নাই নে, যাৰ ঘৰলৈ আমি এই ঠাই এৰি যাব পাৰোঁ?” মাধৱৰ কথা শুনি বৰকণা গিৰীয়ে কলে যে “মোৰ এজন পুৰণি বান্ধৱ আছে, তেওঁৰ ঘৰলৈকে যাওঁহক বলা।” দুয়ো এইদৰে আলচ কৰি সেই বান্ধৱৰ ঘৰমুৱা হৈ গৈ গধুলি বেলিকা তেওঁৰ ঘৰ পালেগৈ। বান্ধৱজনে তেওঁলোকক দেখি আনন্দ প্ৰকাশ কৰা দূৰত থাওক ভাল মুখে নমতাই হল। অলপ পৰৰ মুৰত তেওঁ তেওঁলোকক ঢেঁকীশালত বহিবলৈ দিলে। কিছু ৰাতি হলত তেওঁ তেওঁলোকক চাউল দিলে। অসন্তোষ মনেৰে মাধৱে পিতৃৰে সৈতে ৰাতি “চাউল সিজোৱা” খাই শুই থাকি, ৰাতি পুৱালতে তাৰপৰা নিজৰ ঠাইলৈ গুচি আহিল।

 ইয়াৰ পিছত মহোদৰ আতাই মাধৱ আৰু ভাৰ্য্য়াৰে সৈতে সেই ঠাই