দি সিহঁতক কোমল পাত খাবলৈ দিলত সিহঁতে পাত খাবলৈ ধৰিলে। যিবোৰ পলু মৃতপ্ৰায় হৈ আছিল সেইবোৰেই লাহে লাহে পাত খাবলৈ ধৰিলত, গৃহস্থই আচৰিত হৈ, তেওঁলোকক পদূলিৰ আগত থকা গোহালিঘৰৰ কাষতে লৰালৰিকৈ নকৈ এডোখৰ ঘৰ সাজি দি থাকিবলৈ দি, সিধাপাতি দি ৰাখিলে। ৰাতি তেওঁলোক তাতে থাকি পিছদিনা প্ৰভাততে উঠি ঘাগৰৰ ফালে যাবলৈ ধৰিলে। এপৰমান বেলি যোৱাত তিনিও ঘাগৰ পালেগৈ। ঘাগৰ নৈৰ ইপাৰে নাও নাপাই বৰকণা গিৰীয়ে “মিতা, মিতা” বুলি ৰিঙিয়াই মাতিবলৈ ধৰিলে। নৈৰ সিপাৰে তিৰুতা মানুহ এজনীয়ে পানী আনিবলৈ আহি সেই মাত শুনি, শুধিলে তেওঁলোক কোন,কাক তেওঁলোকে মিতা মিতা বুলি মাতিছে? মাধৱে উত্তৰ দিলে “বৰকণা গিৰী আহিছে বুলি ঘাগৰীমাজীক কোৱাঁগৈ।” তিৰুতা মানুহজনীয়ে এই কথা শুনি মাজীক কলত, মাজীয়ে আচৰিত মানি নাও এখন লৈ আহি তেওঁলোকক পাৰ কৰি নিলে। ঘাগৰী-মাজীয়ে মিতা বৰকণা গিৰীক পাই আনন্দত আকুল হৈ আঁকোৱাল মাৰি ধৰি, তাৰ পিছত প্ৰণাম কৰি, পাৱৰ ধূলি মূৰত ললে। মহোদৰ আতাই মাজীক আগৰপৰা গুৰিলৈকে সকলো বৃত্তান্ত কলত, মাজীয়ে অতি আদৰকৈ তেওঁলোকক তেওঁৰ ঘৰতে থাকিবলৈ
ধৰি, নিজৰ ঘৰৰ ভিতৰত বহিবলৈ দি, নিজ হাতে পানী আনি বৰকণা গিৰীৰ ভৰি ধুৱাই দিলে। মাজীৰ ঘৈণীয়েকেও মাধৱৰ মাতৃৰ ভৰি ধুৱাই দি আদৰ-সাদৰকৈ তেওঁক বহুৱালে। তাৰ পিছত মাজীয়ে তেওঁলোক থাকিবলৈ ভাল ঘৰ এটিৰ দিহা কৰি দি খাব লবলৈ সকলো ঠিক কৰি দিলে।
ঘাগৰীমাজীৰ ঘৰতে কিছুমান বছৰ বৰকণা গিৰী ভাৰ্য্যা পুত্ৰ সমন্বিতে সুখে সন্তোষে থাকোঁতে তাতে তেওঁৰ উৰ্ব্বশী নামে এটা কন্যা জন্ম হয়। মাধৱেও তাত থকা ডোখৰ কালত অনেক শাস্ত্ৰ পঢ়ি জ্ঞান উপাৰ্জ্জন কৰিছিল।
এদিন ঘাগৰীমাজীয়ে মাধৱদেৱক কলোঁ “বোপা, এনেই বহি থকাতকৈ কিছুমান ধানৰ খেতিকে কৰাঁ। সেই ধান বেচি যি টকা-কড়ি পাবা,তাক সাঁচিব পাৰিবা। সময়ত টকা বৰ দৰ্কাৰী। মোৰ সাতহাল গৰু আছে, মাটি নচহোৱাকৈয়ে তুমি যেনে ইচ্ছা খেতি কৰাব পাৰিবা।”