শিখান্ত সাৰ॥ স্থান স্থান হন্তে জন। আসৈ তৈক ক্ষণে ক্ষণ॥ সপ্ৰেম ভকতি দেন্ত। তাক লভি সাধু সন্ত॥আনন্দৰ নাহি পাৰ। ধৰ্ম্ম কৰি সুবিস্তাৰ॥" তাত শঙ্কৰদেৱে শিলিখা গছ এজোপাত আউজি বহি দিনৌ শাস্ত্ৰ লিখিছিল। “শিলিখা বৃক্ষত আউজি। লিখে শাস্ত্ৰ মন মজি॥”-(দীননাথ বেজবৰুৱা ৰচিত গুৰুচৰিত্ৰ।)
ইতিমধ্যেতে এদিন শঙ্কৰদেৱে বাতৰি শুনিলে যে কছাৰীবিলাকে অনেক ৰণুৱা লৈ তেওঁলোকৰ গাওঁ ভূই ভাঙি-ছিঙি লুটপাট কৰিবৰ নিমিত্তে সাজু হৈ আহিব লাগিছে। এই বাতৰি শুনি শঙ্কৰদেৱে দুইজন পিতামহকে আদি কৰি ভুয়াঁসকলক, আৰু ব্ৰাহ্মণসকলক মতাই আনি কলে যে “মই তোমালোকৰ আগত আগেয়েই কৈছিলোঁ যে তোমালোকৰ কাৰ্য্যটো ভাল হোৱা নাছিল, এতিয়া মোৰ কথা ফলিয়ালে।” ইমানবিলাক কছাৰীক তোমালোকে যুদ্ধত বলে নোৱাৰা। “পূৰ্ব্বে কহি আছোঁ আমি নহৈবক ভাল। সি কথা মিলিল আসি জানিবা সফল॥ নাপাৰিবা যুদ্ধে তাসম্বাৰ বহু লোক। জানিয়া উত্তৰ পাৰে নবে ঢলিযোক॥”
শঙ্কৰৰ কথা শুনি সকলোৱে নাৱত বই-বস্তু ভৰা দি ব্ৰহ্মপুত্ৰ পাৰহৈ উত্তৰ পাৰলৈ গল। শঙ্কৰদেৱে তেওঁৰ ভাৰ্য্যা আৰু ভক্তসকলকো পঠিয়াই দিলে; মাত্ৰ তেওঁ অকলৈ তাত “কাৰ্য্য় বুজিবৰ”. নিমিত্তে, অৰ্থাৎ কছাৰীয়ে কি কৰে, কি নকৰে, সিহঁতৰ সকলো গতিবিধি লক্ষ্য কৰিবৰ নিমিত্তে থাকিল। শঙ্কৰদেৱ ঘৰতে বহি আছে, এনেতে কছাৰীবোৰে তেওঁক বেঢ়ি ধৰিলেহি। শঙ্কৰে “দেখন্ত বেঢ়িলে সবে যাইবে বাট নাই। লঘিমা গুণক আচৰিয়া সেহি ঠাই॥ সহস্ৰেক হাত মান কছাৰীৰ পংক্তি। ডেও দিয়া লঙ্ঘি গৈলা বাহিৰক প্ৰতি॥” শঙ্কৰ এই দৰে সাৰি যোৱা দেখি মেচবোৰে “ধৰ ধৰ” বুলি তেওঁৰ পিছে পিছে খেদি গ'ল। শঙ্কৰদেৱ আগে আগে লৰি গৈ ব্ৰহ্মপুত্ৰ নৈ পালেগৈ; মেচবোৰেও পিছে পিছে গৈ তেওঁৰ ওচৰ পালেগৈ। শঙ্কৰ নৈত নামি গ'ল। চৰিত্ৰত আছে যে তেওঁ ব্ৰহ্মপুত্ৰত নামি পাৰ হৈ যাওঁতে পানী তেওঁৰ একাঠু মাথোন হৈছিল। কছাৰীবোৰেও তেওঁক সেই দৰে যোৱা দেখি, পানী তৰাং ভাবি তেওঁৰ পিছে পিছে লৰি গৈ পানীত পৰি বুৰি মৰিল। আগৰবোৰ কছাৰী এইদৰে পানীত বুৰি মৰা দেখি পিছৰবোৰ “এইটো দেও মানহ” বুলি ভয় খাই উভতি গুচি আহিল। শঙ্কৰদেৱে এইদৰে ব্ৰহ্মপুত্ৰ
4