পাৰ হৈ যাওঁতে মাজ নৈত গীতা শাস্ত্ৰ এখন পালে। তেওঁ সিপাৰ হৈ ভলুকাগুৰি নামে ঠাইত উপস্থিত হ'লগৈ। আগেয়ে নাৱেৰে নৈ পাৰ হৈ ভলুকাগুৰিতে তেওঁৰ ভাৰ্য্য়া আৰু জ্ঞাতি কুটুম্ব সকল আছিল গৈ। তেওঁলোকে শঙ্কৰক দেখা পাই মহা আনন্দিত হৈ সকলো বাতৰি শুনি বিস্ময় মানিলে।
চৰিত্ৰলেখক সকলে কয়, যে মেচবোৰক মাৰি ৰাজ্যৰক্ষা কৰিবৰ নিমিত্তে হে শঙ্কৰদেৱে তেওঁৰ ভাৰ্য্যা জ্ঞাতি কুটুম্ব আদি আন আন সকলোকে আগেয়ে পঠিয়াই দি অকলৈ পিছ পৰি আছিল। “লৱৰিয়া যান্ত মেচ বিনাশিবে মনে॥ সি কাৰণে আগে প্ৰভু পাৰ নভৈলন্ত। উপায় নকৈলে ৰাজ্য খান নাশিবন্ত॥”
ভলুকাগুৰিত শঙ্কৰদেৱ তিনি পখ আছিল। কিন্তু ভূয়াঁ সকলে তাত থাকি ভাল নেপাই তেওঁক জনালে যে “কোমোৰা-কুটা স্থান অতিসুশোভন। যদি তাক যাইবে আপোনাৰ হৱে মন॥" শঙ্কৰদেৱে কলে যদি এই ঠাই এৰি তোমালোকৰ কোমোৰাকুটালৈ যাবৰ মন গৈছে, মোৰ কোনো আপত্তি নাই, ময়ো যাম।” এই কথা থিৰ হলত শঙ্কৰদেৱে নাৱেৰে গৈ কোমোৰা-কুটা পাই তাতে থাকিবৰ মনস্থ কৰি তাত ঘৰ-দুৱাৰ নামঘৰ আদি সজাই ৰ’ল। কিন্তু কোমোৰাকুটাত থাকি শঙ্কৰদেৱে ভাল নাপাই, ব্ৰাহ্মণ জ্ঞাতি কুটুম্বসকলেৰে সৈতে পৰামৰ্শ কৰি, বুঢ়ীগঙ্গাই দি উজাই গৈ গাংমৌ পালেগৈ। গাংমৌত থাকিবৰ নিমিত্তে শঙ্কৰদেৱে “হাটী-বাটী নামঘৰ” আদি কৰালে। গাংমৌত শঙ্কৰদেৱৰ বৰ পুতেক ৰমানন্দ ঠাকুৰৰ জন্ম হয়। যি সময়ত ৰমানন্দ জন্ম হয়, সেই সময়ত শঙ্কৰদেৱ ভকত ভূয়াঁ সকলোৰে সৈতে সভা কৰি বহি আছিল; এনেতে তেওঁৰ বুঢ়ী দাসী চন্দৰীয়ে আহি তেওঁক খবৰ দিলেহি যে “ডেকাগিৰি, তোমাৰ এটি পুত্ৰ জন্ম হৈছে।” এই বৰ শুনি শঙ্কৰদেৱে আনন্দ প্ৰকাশ নকৰি বিষাদিত মনেৰে তলত দিয়া গীতটি ৰচনা কৰি গালে--
“পাৱে পৰি হৰি, কৰোঁহো কাতৰি, প্ৰাণ ৰাখবি মোৰ।
বিষয়-বিষধৰ বিষে জৰজৰ, জীৱন নাৰহে আৰ॥
অথিৰ ধনজন, অথিৰ জীৱন, অথিৰ এহু সংসাৰ।
পুত্ৰ পৰিবাৰ, সবহি অসাৰ, কৰবো কা হেৰি সাৰ॥