পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৫০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৬
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


ধৰিলে, যে গাঁৱৰ মানুহ ভয়ত ত্ৰস্ত হৈ পৰিল। গঞা মানুহবোৰৰ ভিতৰত ইমান ত্ৰাস উপজিছিল যে সামান্য কাৰণতে তেওঁলোক আতঙ্কগ্ৰস্ত হৈ পৰিছিল। উদাহৰণ স্বৰূপে দুটি ঘটনা তলত দিয়া গল।-এদিন তিৰুতা- মানুহ এজনীয়ে পানী আনিবলৈ যাওঁতে বাটতে তাইৰ মাটিৰ কলহটো ভাগিলত তাই “ভাগিল! ভাগিল!” বুলি বেজাৰকৈ দুবাৰ চাৰিবাৰ চিয়ঁৰিলতে গাৱৰ মানুহে, কছাৰী আহিছে বুলি ভয়ত তালি-টোপোলা বান্ধি লৈ হাবিত সোমাইছিল গৈ। আৰু এদিন এজনী তিৰুতাই দাৰৰ আগত কটাৰী এখন খুচি লগাই লৈ, কলাগছৰ তললৈ গৈ কলাপাত কাটোতেই, কটাৰীখন খহি তাইৰ নাকট পৰি নাকটো কাটিলে। “কাটিলে’ ‘কাটিলে” বুলি তাই চিয়ৰি কান্দিবলৈ ধৰিলত, সেই কথা শুনি, গাৱৰ মানুহে কছাৰী আহিছে বুলি ভয় খাই পলাই হাবিত সোমাইছিলগৈ। কছাৰী- বিলাকে গাওঁ লুটি-পুটি উপদ্ৰৱ কৰি থকাত, গঞা মানুহৰ মনত এইদৰে আতঙ্ক উপস্থিত হোৱা দেখি ভুয়াঁসকলে পৰামৰ্শ কৰি কছাৰী বধিবলৈ থিৰ কৰিলে। তেওঁলোকে এদিন ডাঙৰ ভোজ এটা পাতি ভাত মঙঁহ আদি ৰান্ধি, বন্ধুভাৱ দেখুৱাই ছল কৰি কছাৰীবিলাকক খাবলৈ মাতিলে। কছাৰীবিলাকে ভুয়াঁসকলৰ বন্ধুভাৱত সন্দেহ নকৰি ৰং মনেৰে-ভোজ-ভাত খাই থাকোতেই, ভুয়াঁসকলে কছাৰীবিলাকক কাটি পেলালে। কিছুমান কছাৰীহে পলাই সাৰিব পাৰিছিল। শঙ্কৰদেৱে ভুয়াসকলৰ এই কাৰ্যতো অতি গহিত হৈছে বুলি কৈ তেওঁ বৰ বিৰক্তি প্ৰকাশ কৰিছিল।

 ইয়াৰ পিছত শঙ্কৰদেৱে বুজিলে যে বৰদোৱাত থকা আৰু যুক্তিসঙ্গত নহয়; কাৰণ, কছাৰীয়ে এই কাৰ্যৰ প্ৰতিশোধ লবলৈ চেষ্টা নকৰি নাথাকে। সেইদেখি তেওঁ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ উঠি যাবলৈ সকলোকে পৰামৰ্শ দিলে।

 কছাৰীৰ ইমান দৌৰাত্ম্য দেখি, দেশত ইমান হুলস্থুল, তথাপি শঙ্কৰে বৰদোৱাত তেওঁৰ নামৰ হাট ইমান ডাঙৰকৈ পাতি ধৰ্ম্ম প্ৰচাৰ কৰিছিল, যে চাৰিও ফালৰ লোক ভাগি পৰিছিলহি। বটদ্ৰৱাস্থানে পাছে। শঙ্কৰ ৰহিয়া আছে॥ শুদ্ধ ধৰ্ম্ম কৰি সাৰ। প্ৰচাৰন্ত বাৰম্বাৰ॥ যত দ্বিজ ভুয়াঁলোক। এৰি সবে দুঃখ শোক॥ শঙ্কৰৰ ঠাইক আসি। শুনে কৃষ্ণ কথা বসি॥ ভক্তগণ সমে গান্ত। বেঢ়ি বসি সাধু সন্ত॥ আনন্দৰ নাহি পাৰ। শঙ্কৰে