সমললৈ যাওক

পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


বহিল। প্ৰতিমাৰ ওচৰতে শঙ্কৰদেৱ বহি আছে। চৰিত্ৰত লেখা আছে,-ৰামৰাম গুৰুৱে ধ্যান কৰি মন্ত্ৰ পঢ়ি যি ফুল তুলসী চন্দন পুষ্পমালা প্ৰতিমাৰ ওপৰত দিছিল, সেইবোৰ কেনেবাকৈ ততালিকে শঙ্কৰৰ মূৰত উঠিছিলগৈ। বাৰে বাৰে এনেকুৱা হোৱা দেখি সকলোৱে আচৰিত মানিলে আৰু “আশ্চৰ্য্য দেখিয়া ৰামৰাম আদি কৰি। সকলে মানিলা শঙ্কৰেসে মহা হৰি॥ কিসক ভাণ্ডনা কৰি আমাক আচয়। নিশ্চয়ে জানিলোঁ আমাসাৰ গুৰু হয়।”

 পজাৰ অন্তত ৰামৰাম আদি কৰি সকলো ব্ৰাহ্মণে শঙ্কৰক কলে “ভক্তি মুক্তিদাতা তুমি বিনে নাহি আন। চৰণে সেবিলোঁ প্ৰভু দিয়োক শৰণ॥” বেদপন্থ আৰু প্ৰচলিত হিন্দু শাস্ত্ৰৰ অবিৰোধী মহা পণ্ডিত শাস্ত্ৰজ্ঞ শঙ্কৰে এই কথা শুনি তেওঁলোকক উত্তৰ দিলে “আমি শূদ্ৰ গুৰু তুমি ব্ৰাহ্মণসকল। শৰণ লৈবাক লাগি কেন মতে বল॥” এই উত্তৰ শুনি কন্দলি আদি দ্বিজগণে শঙ্কৰক কলে “তোমাৰ মহিমা জ্ঞাত হৈলোঁ যেন মত॥ তাক আৱে কহিবাৰ প্ৰয়োজন নাই। কৰিয়োক দয়া আবে আমাক গোসাঁই॥” এই কথা শুনি শঙ্কৰদেৱে হাঁহি নামাতি থাকিল; আৰু তেওঁলোকক শৰণ দিবৰ নিমিত্তে এখন শাস্ত্ৰ ৰচনা কৰিলে। সেই শাস্ত্ৰ ভাগৱতৰ দশম স্কন্ধৰ “গোপী উদ্ধৱ সংবাদ।” এইখনেই শঙ্কৰদেৱৰ ৰচিত প্ৰথম গ্ৰন্থ। আৰু তাৰ লগেলগেই “হৰিচন্দ্ৰ উপাখ্যান পুথি” তেওঁ ৰচনা কৰিলে। “দশম স্কন্ধৰ গোপী উদ্ধব সংবাদ। সেই গ্ৰন্থ প্ৰথমতে ৰছিলা আহ্লাদ॥ আৰ হৰিশ্চন্দ্ৰ উপ্যাখ্যান শাস্ত্ৰবৰ। ভাগৱত পুৰাণৰ কৰিয়া উদ্ধাৰ॥ লোকক কৃপায়ে প্ৰভু, তাহাঙ্ক বিস্তাৰি। ৰচিলা পয়াৰ ছন্দে আক সাৰ কৰি।” ব্ৰাহ্মণসকলক শৰণ দিবৰ নিমিত্তে তেওঁ শাস্ত্ৰ ৰচনা কৰাৰ মানে,প্ৰথমতে তেওঁ শাস্ত্ৰ স্থাপনা কৰি ব্ৰাহ্মণসকলক সেই শাস্ত্ৰৰ সমুখ কৰি তাত শৰণ লগোৱাই, এই উপায়েৰে হিন্দুৰ শ্ৰুতি স্মৃতিৰ বিধানৰ সম্মান ৰক্ষা কৰি নিজে প্ৰথমতে ব্ৰাহ্মণৰ দীক্ষা গুৰু হোৱাৰ হাত সাৰিলে। আৰু এটা কথা মন কৰিবলগীয়া যে তেওঁ মন্দিৰ সজাই তাত মুৰ্ত্তি প্ৰতিষ্ঠা কৰিছিল যদিও, কিন্তু সেই মূৰ্ত্তিৰ আগত ব্ৰাহ্মণসকলক শৰণ লগোৱা নাছিল। সেইদেখি সেই মূৰ্ত্তি প্ৰতিষ্ঠা আৰু উৎসৱৰ অভিপ্ৰায়, মূৰ্ত্তিপূজা প্ৰচাৰৰ বিপক্ষে হে যে আছিল তাক বুজিবলৈ সৰহ পলম নালাগে। তেওঁ সকলোৰে মনোৰঞ্জন কৰি দেশ কাল পাত্ৰৰ সোঁতত চলাটো দেখুৱাই স্পষ্টকৈ মুৰ্ত্তিপূজা কম লাগতিয়াল বা তাৰ অসাৰত্বহে পাকে প্ৰকাৰে বুজাই দিলে মাথোন। শঙ্কৰ-