পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ

দেৱৰ জীৱনৰ কাৰ্য্যৰ মুখ্য উদ্দেশ্য কি সেইটো তেওঁ সেইদৰে দেখুৱাই দিলে।

 শঙ্কৰদেৱে তেওঁৰ পৈতৃক বিষয় ৰাজকাৰ্য্য চৰ্চ্চা কৰি বৰদোৱাতে জ্ঞাতি কুতুম্ব বন্ধু ইষ্ট মিত্ৰ সকলেৰে সৈতে সুখেৰে থাকিবলৈ ধৰিলে। সকলোৱেই তেওঁৰ ব্যৱহাৰত পৰম প্ৰীতি পৰম সন্তোষ। পণ্ডিত, দৈৱজ্ঞ,অথিতি, সন্ন্যাসী, দাস, দাসী সকলোকে তেওঁ সুন্দৰ সাদৰ ব্যৱহাৰেৰে সন্তুষ্ট কৰি ৰাখিছিল। দেৱতাত পূজা ভক্তি আৰু নিজৰ কৰ্ত্তব্য নিত্য নৈমিত্তিক আদি সকলো কাৰ্য্য “কিঞ্চিতেকো ন্যুন নকৰন্ত।” দুখীয়া ভিক্ষাৰী আদিক খুউৱাত, দান দক্ষিণা দিয়াত, কেতিয়াও তেওঁ ক্ৰটী নকৰিছিল।

 এদিন বুঢ়াখাঁকে আদি কৰি ভুয়াঁ আৰু নৰোত্তম, কৰ্ণপুৰ, চতুৰ্ভুজ আদি পণ্ডিত বিপ্ৰসকলে গোট খাই আহি শঙ্কৰদেৱক কলে, যে “তোমাৰ মুখে শুনিছোঁ যে মানুহে হৰিক স্মৰণ কৰি বৈকুণ্ঠলৈ যায়। সেই বৈকুণ্ঠ কেনে স্থান, অনুগ্ৰহ কৰি তুমি আমাক দেখুৱাঁ। তুমি মহা পণ্ডিত, মহাজ্ঞানী আমাৰ বাঞ্চা পুৰণ কৰাঁ।”

 শঙ্কৰদেৱে এই কথা শুনি ভাবি চিন্তি চিহ্ণযাত্ৰা নামে ভাৱনা কৰিবৰ উদ্যোগ কৰিলে। “তাল খোল বাদ্য সকলক তথা, কৰিবাক মন ভৈলা॥ তেতিক্ষণে কাঠ ডাল আনিলেক, চানেকি কৰিয়া দিলা। কপিলী নদীৰ,কাষত নিবাসী কুমাৰক দিয়া নিল॥ শঙ্কৰৰ আজ্ঞা শুনিয়া কুমাৰে যতনে খোল গঢ়িল।" সেই খোলত কেনেকৈ ধুন দি মাত উলিয়াব লাগে সেইটোও শঙ্কৰদেৱে দেখুৱাই দিলে আজিকালিৰ “থিয়েটৰৰ চিন” অৰ্থাৎ দৃশ্যপটৰ নিচিনাকৈ পটত বৈকুণ্ঠ নগৰৰ দৃশ্য শঙ্কৰদেৱে নিজ হাতে আঁকিলে আৰু চিহ্ণযাত্ৰা ভাৱনাৰ এখন নাট ৰচনা কৰিলে। এইখনেই শঙ্কৰদেৱৰ ৰচিত প্ৰথম নাট। সেই নাটত ধেমালিৰ ঘোষা প্ৰথমতে লিখিলে দ্বিতীয়তে শ্লোক ৰচিলে; তাৰ পিছত সূত্ৰ ভটীমা আৰু গীত ৰচনা কৰি লেখিলে। পাটখনত “যাৰ যেন স্থান, যিমত লক্ষণ, কল্পতৰু উপবন। সৰোবৰচয়, অধিকে শোভয়, স্বৰ্ণঘাট সুশোভন॥ লক্ষ্মী, সৰস্বতী, চৌদ্ধ পাৰিষদ, পটতে সবাকে দিলা। সাত বৈকুণ্ঠৰ সপ্তম গোপাল, সবাকো তাতে লিখিলা॥”

 এইবিলাক শঙ্কৰদেৱে কৰি, “কেটাইক ৰামক বায়ন শিখাইল” আৰু “নটুৱা পঞ্চম সমন্বিতে আতি নাটক কৰি সম্পন্ন ” যাত্ৰাৰ সকলোকে আয়োজন কৰিলে।