পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ

যে মনুষ্যত্বৰ পুৰ্ণবিকাশৰ নিমিত্তে লাগতিয়াল আৰু শঙ্কৰে সেই দুটা পাইছিল দেখি তেওঁৰ জীৱনত ইমানবোৰ কাম কৰিব পাৰিছিল আৰু এই নিমিত্তেই তেওঁ দীৰ্ঘজীৱন লাভ কৰিছিল, এইটো নিশ্চয়।

 এইডোখৰ কালত শঙ্কৰদেৱ তেওঁৰ বংশ পৰিয়ালৰ ভূয়াঁ সকলেৰে সৈতে আলিপুখুৰীত আছিল। শঙ্কৰৰ উপৰি পুৰুষ চণ্ডীবৰে প্ৰথমতে লেঙামাগুৰীৰপৰা আহি বৰদোৱাত বসতি কৰে, কিন্তু দেশবিভ্ৰাটত বৰদোৱা এৰি ভুয়াঁসকল আলিপুখুৰীলৈ গৈছিল। এতিয়া ভূয়াঁৰ বংশ পৰিয়াল ইমান বেছি হল, যে তেওঁলোকক তাত ঠায়ে নটা হল; সেইদেখি এদিন তেওঁলোকে সেই কথা শঙ্কৰদেৱক জনাই আকৌ পূৰ্বপুৰুষৰ ঠাই বৰদোৱালৈ উঠি আহিবলৈ ইচ্ছা প্ৰকাশ কৰিলে—“আত অনন্তৰে কথা আসি যেন ভৈল। ভুয়াঁ ব্ৰাহ্মণ সবে মনত গুণিল॥ ইটো আলিপুখুৰী স্থান অতি অল্প প্ৰায়। সকলো প্ৰজাৰ সুখে বহিবে নাটয়॥ এহি বুলি আলোচিয়া যত জ্ঞাতিগণ। শঙ্কৰৰ আগে আসি ভৈলা উপসন॥ শঙ্কৰে সাদৰে সুমধুৰ বুলি বাণী। শুনাপিতামহ আদি আইলা কেনে গুণি। কি কাৰ্য্য কৰিবে লাগে আদেশিও মোক। **জয়ন্ত বদতি বাপু শুনা দেৱবৰ। তুমি মহা জ্ঞানী কাৰ্য্য জানাহ বিস্তৰ। আমাৰ উপৰি চণ্ডীবৰৰ নিবাস। বৰদোৱা নাম স্থান আছয় বিশেষ॥** দেশৰ বিভ্ৰাতে তযু পিতৃ কুসুম্বৰ। তাঙ্ক এৰি ইঠাৱত কৰিলন্ত ঘৰ॥ সেহি কাল হন্তে বন্ধুবান্ধৱ সকল। বৃদ্ধি হৈয়া প্ৰবৰ্ত্তিতে অনাটন ভৈল॥ এতেকে পূৰ্ব্বৰ স্থানে যাইবাক লাগয়। সেহি স্থানে থাকিবোহে একত্ৰিত হই॥ শুনিয়া শঙ্কৰদেৱে প্ৰশংসা কৰিলা। আমাৰেসে বাঞ্চা সিদ্ধি কৰিতে আসিলা॥ অৱশ্যে সিস্থানে যাবোঁ চলিও সত্বৰ। এহি বুলি আদেশক কৰিলা শঙ্কৰ॥”

 ইয়াৰ পিছত তেওঁলোকে বৰদোৱাত ঘৰবাৰী কৰি থাকিল। “পৰম আনন্দে সবে নিবাস কৰয়। শঙ্কৰেও তথা বহি ৰাজ্য চৰ্চ্চয়॥”

 ইয়াৰ পিছত এদিন শঙ্কৰদেৱে ৰামৰাম গুৰুক কলে- **দেৱমন্দিৰক কৰিবাৰ মন ভৈল॥ সকলোকে জান দিয়া আনা এতিক্ষণ। সবে মিলি মন্দিৰক কৰা নিৰুপণ॥” এই মন্দিৰৰ ভেটি তুলিবলৈ মাটি খান্দোতে বিষ্ণুমূৰ্ত্তি এখন ওলাল। সেই মূৰ্ত্তিকে সেই মন্দিৰত প্ৰতিষ্ঠা কৰিবৰ আয়োজন কৰা হল। কন্দলি মিশ্ৰ প্ৰভৃতি সকলো মুখ্য ব্ৰাহ্মণক আৰু ভুয়াঁসকলক সেই মুৰ্ত্তি প্ৰতিষ্ঠালৈ নিমন্ত্ৰণ কৰা হ'ল। ৰামৰাম গুৰু পুজাৰিৰ আসনত