শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ দেৱেও একশৰণ নাম-কীৰ্ত্তন ধৰ্মকে লোকক শিক্ষা দিছিল। তেওঁ নিজে লিখা কোনো পুথি নাথাকিলেও তেওঁৰ চৰিত্ৰ লিখক ৰাময় আৰু তেওঁৰ প্ৰধান আৰ প্ৰিৰ শিষ্য ভট্টদেৱৰ পুথি চালে এই বিষয়ে কাবো সংশয় থাকিব নেলাগে। দামোদব দেৱব পববৰ্তী সময়ত কোনো কোনো বৈষ্ণৱ আচাৰ্যই তান্ত্ৰিক ধৰ্ম শিক্ষা দিবলৈ আৰম্ভ কৰাৰ বিশেষ কাৰণ আছিল। বিদেশী শান্তিপুৰীয়া ভাচাৰ্যৰ ঘৰে ৰজাক আৰু লাহে লাহে তেওঁৰ যাই অমাত্যসকলক শিষ্য কৰা দেখিযেই যে উজনী দামোদব পন্থী কোন কোনে, গোসাঁইযে পূৰ্বব নিযম লৰচৰ কৰি ধৰ্ম্ম শিক্ষা সময উপযোগী বা পাত্ৰ উপযোগী কৰিবলৈ চেষ্টা কৰিছিল এই কথা সহজে বুজিব পাৰি। অনুমান তেতিয়াৰপৰাই এওঁলোকে শাক্তক শাক্ত মন্ত্ৰ আৰু বৈষ্ণৱক বৈষ্ণৱ সন্ত্ৰ দিবলৈ ধবে। বোধ কৰে। তেনে কৰাৰ বাবেই তেওঁলোক বাজানুগ্ৰহত বিশেস মান্যৱন্ত আৰু আচ্যৱত হৈছিল। বাস্তবিক দেশীয় জাতীয় ভাৱৰপৰা বিবেচনা কৰি চালে তেওঁলোকে এনে নীতি অবলম্বন নকৰা হলে বিদেশী বালী ধৰ্মগুৰব হে আধিপত্য দেখিলোঁহেঁতেন। কিন্তু সেই বুলি এই সকল পৰবৰ্তী আচাৰ্যই শিক্ষা দিয়া পৰিবৰ্তিত ধৰ্মমতেই যে মূলত দামোদৰ দেৱৰ বৰ্মমত আছিল এনে স্থিৰ কৰা আমাৰ বিশ্বাসেৰে ভুল। শঙ্কৰ, মাধৱৰ নিচিনাকৈ দামোদৰ দেৱেও কোচ ৰজাৰ সভাত নিৰ্ভয় ভাৱে একশৰণ নাম-কীৰ্ত্তন ধৰ্মৰ গৌৰৱ ৰক্ষা কৰিছিল। কোচ ৰজাই দামোদৰ দেৱক দুৰ্গাপুজা, গঙ্গাস্নান, যাগ যোগ ব্ৰত আদি এৰাৰ কাৰণ শোৰ্ধত দামোদব দেৰে উত্তৰ দিলে :- “তীৰ্থক সেৱন দেবী উপাসন ধৰ্ম্ম কৰ্ম্ম যাগ যোগ। বাম কৃষ্ণ নামে লাগে একো উদ্যোগ | সকলে সিজয় $
কৃষ্ণ নাম বিনে একেসে ৰাম নানোহে আমি আন। কৃষ্ণৰ নামত ধৰ্ম কৰ্ম যত সবাৰ আশ্ৰয় স্থান॥” আমায় মিজ কৃত লীলা।