ইয়াকে কৈ সন্তুষ্ট নহৈ সামোদৰ দেৱে অতি দঢ়প্ৰতিজ্ঞ ভাৱে আকৌ
ৰজাক কলেঃ-
“পঞ্চভুত দেহা যাৱত পাৰুয়
তাৱত নাম নেৰিবোঁ॥
ইদেহ পৰিলে যেহি যোনি পাওঁ
জন্মে জন্মে নাম লৈবো।”
যি ধৰ্ম্মবীৰৰ নামধৰ্ম্মত ইমান শ্ৰদ্ধা দৃঢ় আসক্তি আছিল তেওঁ যে সেই ধৰ্ম্মৰ বাহিৰে আন শিক্ষা লোকক দিছিল এনে মীমাংসা কৰা বিমান দূৰ সঙ্গত বুদ্ধিমান পাঠকসকলে বিবেচনা কৰি চাব।
উপসংহাৰত আমাৰ বক্তব্য এই যে যদিও পৰবৰ্তী সময়ত মহাপুৰুষীয়া ঠাকুৰীয়া, দামোদৰী, হৰিদেৱপন্থী আদি সম্প্ৰদায় আৰু বামুণীয়া পথ, নিকা পথ, কালজাৰ পথ আদি পন্থৰ সৃষ্টি হৈ চকৰিৰ ভিতৰত চকৰি হৈছিল, আদিতে মূল ধৰ্ম্মমত কিন্তু এটিহে আছিল। সেই বাবে এতিয়াও সেই মুল ধৰ্ম্মত ধৰি ভিতৰৰ অনাৱশ্যক চকৰিবিলাক গুচাই বাহিৰৰ যাই চকৰি ৰাখি তাক ঘঁহি পিহি উজ্জ্বল কৰি তাৰ মাজত সকলো অসমীয়া বৈষ্ণৱ সোমালেই দেশৰ মঙ্গল হয় আৰু মূল ধৰ্ম প্ৰবৰ্তক মহাপুৰুষসকলৰ, গৌৰৱ ৰক্ষা কৰা হয়। সকলো চিন্তাশীল অসমীয়াই এই বিষয়ে নিজ কৰ্ত্তব্য বুজি কাম কৰিব এয়ে আমাৰ আশা। এইটো সকলোৱেই মনত ৰাখিব লাগে যে পৰমেশ্বৰ বিশেষ কৃপা আৰু আমাৰ পৰম ভাগ্যগুণেহে এনে বিশুদ্ধ ঈশ্বৰমুখী উদাৰ সত্য ধৰ্ম্ম আমাৰ দেশত মহাপুৰুষসকলৰ দ্বাৰাই প্ৰবৰ্তিত হৈছিল। ইতি।*
*এই সুলিখিত প্ৰৱন্ধটো বৰপেটাৰ চৱডিভিজনেল অফিচৰ, একষ্ট্ৰা এচিষ্ট্ৰেন্টকমিশ্যনৰ শ্ৰদ্ধাস্পদ বন্ধু শ্ৰীযুত কনকলাল বৰুৱাৰ দ্বাৰাই ৰচিত। "বাঁহীত"ই অলপ অলপকৈ ওলাইছিল। বুুৰুৱা ডাঙৰীয়াৰ অনুমতি লৈ আমি তাক আমাৰ কিতাপৰ ভিতৰুৱা
কৰি, তেওঁক আমাৰ অশেষ কৃতজ্ঞতা জনালোঁ।
-গ্ৰন্থকাৰ