৩২৬ শ্ৰীশৰদেৱ আৰু মাধৱদেৱ বুলি মানে। কোনোৱে কাম স্ত্ৰী সন্তাগ আদিকে জীৱনৰ ঘাই কৰ্ম বুলি মানে। কোনো কোনো দেহাত্মবাদী নাস্তিকৰ মতে “ভষ্মীভূতস্য দেহস্য পুনৰাগমন কুতঃ। তমাৎ সৰ্ব প্ৰষঙ্গেন ঋণং কৃ মৃতং পিবেত।” অৰ্থাৎ Eat. Drink and be merry।” প্ৰকৃততে কিন্তু ক্ষণস্থায়ী সামান্য সুখৰ কামনা কৰি নিত্যানন্দক বিচৰাই একমাত্ৰ কৰ্তব্য। ভক্তি হলে নিত্যানন্দ ভগৱানক লাভ কৰা নাযায়। ভগৱক্তি হলে জীৱৰ একেবাৰে অভাৱ নেথাকে। লৌকিক বিষয় সন্তোগলৈ বৈৰাগ্য হলেও ভক্তৰ নিত্য অলৌকিক সন্তোগ হয়। অণিমাদি ঐশ্বৰ্য ভক্ত সাধক পিছে পিছে ফুৰে। এয়ে গীতাৰৰ উপদেশৰ মৰ্ম্ম। ভাগৱত আৰু গীতা দুয়োখানি গ্ৰন্থতে ভক্তিযোগৰ প্ৰাধান্য দেখুৱা হৈছে, সেই বাবে এই দুই- খনিয়েই বৈষ্ণৱ সমাজৰ ধৰ্মৰ মূল ভেটি। ভাগৱত ধৰ্ম বা ভাগৱতী ধৰ্ম কি এই বুলি নিমি ৰাজাই প্ৰশ্ন কৰাত নৱসিদ্ধৰ জ্যেষ্ঠজন কবিয়ে ৰাজাক উত্তৰ দিছে :- “কায়েন বাচা মনসেন্দিয়ৈ। বুদ্ধ্যায়না বানুস্তম্বভাৱাৎ কৰৰতি য যৎ সকলং পৰমৈ নাৰায়ণায়েতি সমৰ্পয়েৎ॥ ভয়ং দ্বিতীয়াভি নিবেশতঃ সাদীশাসপেতস্য বিপৰ্যয়োহস্মৃতি। তৎ কৰ্ম সংকল্প বিকল্পকং মনন বুধধ নিৰন্ধ্যাদয়ং ততঃস্যাৎ শৃণ সুভদ্ৰাণি ৰথাপাণে জন্মনি কৰ্মণি চ যানি লোকে। গীতানি নামানি তদৰ্থকানি গায়ন বিলজে বিচৰসঙ্গঃ॥” দেই, বাক্য, মন, ইন্দ্ৰিয়, বুদ্ধি, চিত্ত, নিজ সংস্কাৰ বা স্বভাৱ অনুসাৰে যি যি কৰ্ম্ম কৰা হয় সকলো সেই পৰাৎপৰ পৰমেশ্বৰক সমৰ্পণ কৰা উচিত। ঈশ্বৰবিমুখ লোকবিলাকে আত্মভাব পাহৰি দেহাদি নশ্বৰ বস্তুত আসক্তি কৰে আৰু সেই বাবেই নানা প্ৰকাৰ শোক মোহ আদিৰপৰা ভয় পায়। এতেকে যাৰ মায়াৰ গুণত এনে হয় সেই পৰমেশ্বকে বুদ্ধিমান- বিলাকে সাক্ষাৎ গুৰু বুলি ভাবি অব্যভিচাৰী ভক্তিৰ দ্বাৰাই ভজনা কৰে। চক্ৰপাণি শ্ৰীহৰিৰ সৰ্বপাপনাশন, জল, ক, নাম, গুণ গীত আদি সামাজিক লাজ এৰি কীৰ্তন কৰি সাধু ভবিলাকে অনাসক্ত ভাৱে সংসাৰত ফুৰে। এই ভাগৱতী ধৰ্মই শঙ্কৰ, মাধৱ, দামোদৰ ৰাই প্ৰচাৰিত একশৰণ নয় কীৰ্তন ধৰ্ম।