ইয়াৰ তাৎপৰ্য্য় এই :-এন্ধাৰে ঢাকি ধৰিলে যেনেকৈ ওচৰৰ বস্তুকো নেদেখি সেই প্ৰকাৰে কৰ্ম্ম নাৰ্গ অৱলন কৰি অন্ধ হৈ ভোগভিলাষী লোকবিলাকে, অন্তৰ্য্যামীৰূপে নিজ হৃদয়ত প্ৰতিষ্ঠিত থকা ঈশ্বৰক তৰ্কিব নোৱাৰে। এইবিলাক লোকে ঈশ্বৰৰ অভিপ্ৰায় নুবুজি হিংসাদি কাৰ্য্যত আসক্ত হয় আৰু ক্ৰমে হিংসা কাৰ্য্যই সিহঁতৰ প্ৰিয় হৈ উঠে। সেই নিমিত্তে এই খল প্ৰকৃতিৰ লোকবিলাকে যজ্ঞ বধ কৰা পশুবিলাকৰ মাংসৰ দ্বাৰাই নিজৰ তৃপ্তি সাধন কৰে আৰু সেই যজ্ঞৰ দ্বাৰাই পিতৃলোক দেৱতা আৰু ভূতপতিবিলাকৰ পূজা কৰে। এনেবিলাক লোকে শুনোতে ভাল লগা স্বপ্নোপম মায়াময় ক্ষণস্থায়ী স্বৰ্গাদি পৰলোক সুখ আৰু ঐহিক
সুখ বাঞ্ছা কৰি মূৰ্খ বণিকৰ নিচিনাকৈ মূল সম্বল পৰমাৰ্থ তত্ত্ব দলিয়াই অৰ্থাৎ, কাঞ্চন দি কাচ লয়। সত্ত্বাদি গুণত্ৰষব অধীন মানুহে ত্ৰিগুণময় ইন্দ্ৰাদি দেৱতাবিলাকৰ আৰাধনা কৰে কিন্তু গুণাতীত পৰব্ৰহ্মৰ আৰাধনা নকৰে। এই জীৱনত যজ্ঞাদিৰ অনুষ্ঠান কৰি দেৱতাবিলাকৰ পূজা কৰি মৰণৰ পাচত স্বৰ্গলোকত অতুল ঐশ্বৰ্য্য ভোগ, কৰিব, তাৰ পাছত পুণ্য ক্ষয় হলে পুনৰ সংসাৰলৈ আহি শ্ৰেষ্ঠকুলত জন্ম ধৰি বিপুল ঐশ্বৰ্য্যৰ অধিকাৰীহৈ সুখে থাকিব এনেকুৱা ৰমণীয় বেদবাক্যৰ প্ৰলোভনত জীৱবিলাক দৃঢ়ভাৱে আসক্ত হয়, সিহঁতৰ মনত ভগৱানে অলপো ঠাই নেপাই।
ভাগৱতত জীৱহিংসা কৰি দেৱদেৱীৰ উদ্দেশ্যে কৰা যজ্ঞাদি ক্ৰিয়াৰ এনে প্ৰকাৰ নিন্দা স্পষ্টভাৱে থকাতো ভাগৱত অৱলম্বন কৰি ধৰ্ম্মশিক্ষা দিয়া। কোনো কোনো অসমীয়া বৈষ্ণৱ গুৰুৱে কেনেকৈ শিষ্যক শাক্ত মন্ত্ৰ দি,জীৱ হিংসা কৰি বলি কাটি, দেৱদেৱী পূজা কৰিবলৈ বিধি বা অনুমতি দিয়ে দিয়ে ইয়াকেহে বুজা টান।
শব্দব্ৰহ্ম বেদৰ প্ৰকৃত অৰ্থ নাজানি নিজ নিজ ৰুচি অনুসাৰে মায়াৰ প্ৰভাৱত ভিন ভিন লোকে শ্ৰেয়ঃ সাধনৰ বিবিধ উপায় নিৰ্ণয় কৰিছে। সেইদেখি ভাগৱতত কৈছে :-
“মন্মায়া মোহিতধিয়: পুৰুষা: পুৰুষৰ্ষভ।
শ্ৰেয়ো বদন্ত্যনেকান্তং যথা কৰ্ম্ম যথা ৰুচি॥”
ঐশ্বৰ্য্যকামী মীমাংসক পণ্ডিতসকলে বুধি দিয়ে “স্বৰ্গ কামো যজেত," কোনো কোনোৱে অণিমাদি আঠ প্ৰকাৰ ঐশ্বৰ্য্যলাভ কৰাকে শ্ৰেষ্ঠ সাধন