পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৩৩৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ ৩২১ } শ্লেছ, ব্ৰাহ্মণ, চণ্ডাল সকলোৰে নিমিত্তে এই বিশ্বাসৰ ধৰ্ম্ম এই একশৰণ ধৰ্ম্ম উপযুক্ত আৰু সৰ্বতোভাৱে আৱশ্যকীয়। এই ধৰ্মৰ ঈশ্বৰ সাধনাৰ উপায় দাস্য ভাবে, অৰ্থাৎ গীতাৰ উপদিষ্ট ভাবে, সকলে ঈশ্বৰত সমৰ্পণ, ঈশ্বৰৰ প্ৰিয় কাৰ্য সাধন, অপ্ৰিয় কাৰ্য্য বৰ্জন, ঈশ্বৰৰ নামগুণ শ্ৰৱণ কীৰ্ত্তন, নাম ৰূপ মৰণৰ দ্বাৰাই নিত্য তেওঁৰ উপাসনা। শ্ৰৱণ কীৰ্ত্তনাদিৰ ৰাই বহিৰঙ্গ সাধনা আৰু ৰূপচিন্তাৰ দ্বাৰাই অন্তৰঙ্গ সাধনা। “কৰ্ণে কথা মনে ৰূপ মুখে ভযু নাম। ৰহোক সদাই ডাকি বোলা নাম বাম॥” মহাপুৰুষসকলে বুজাইছিল যে ধ্যান ধাৰণা যজ্ঞ পূজা আদি সত্য ত্ৰেত ঘপৰাদি যুগৰ সাধনাৰ উপযুক্ত ধৰ্ম সাধনৰ উপায় আছিল অৰ্থাৎ সেইবিলাক বৰ্তমান যুগৰ পাপমতি লোকৰ পক্ষে অনুপযুক্ত। শ্ৰৱণ কীৰ্ত্তন মৰণৰ দ্বাৰায়ে ব্ৰহ্মানুভূতি সম্ভৱ হয়। শ্ৰদ্ধা ভক্তি সহকাৰে নিত্য প্ৰৱণ কীৰ্তন মৰণ কৰিব পাৰিলে অলপ কালৰ ভিতৰতে হৃদয়ত ঈশ্বৰ প্ৰকাশিত হয়। এনে আশ্বাসপূৰ্ণ উপদেশৰপৰা বাস্তবিক সংসাৰীৰ মনত আশাৰ সঞ্চাৰ হয়, হৃদয়ত বল হয়। প্ৰাচীন কালত আৰ্য ঋষিয়ে এই দৰে বিশ্ববাসী সকলোকে আশ্বাস দি কৈছিল :- “শৃবৃত্ত বিশ্বেহমৃতস্য পুত্ৰ আ যে ধামনি দিব্যানি ত বেদাহমেতং পুৰুষং মহান্ত- মাদিত্য বৰ্ণ; তমসঃ পৰস্তাঃ॥ তমেব বিদিতিমৃত্যুনেতি নন পছু দিয়ে।” দিব্য ম ৰী ত জানিছে নিশ্চয় মই তিমিৰ অতীত সেই জ্যোতিৰ্ময় পুৰুষ মহান। আনিলে মানৱে যাক বিৰ কিৰ গুচে, নাথাকিৰ মৰণৰ ভয়। কহিলোঁ ধুপ সব, আন পদ্ব আৰু নাই নাই। মৃত্যু ভয় তৰিবৰ