৩২০ শ্ৰীৰদেৱ আৰু শ্ৰীমাধৱদে বাপন কৰিব খোজে। এনে মিলন গোজালিন মাখোন। লগত এনে গোজামিলন নচলে। যি সত্য ধৰ্ম সি কি নিম্ন অধিকাৰী, কি উচচ অধিকাৰী সকলোৰে পক্ষে জাতি বৰ্ণ নিৰ্বিশেষে সত্য আৰু পালনীয়। গীতাত ভিন ভিন পন্থৰ যি মিলন কৰা হৈছে সি গোজামিলন নহয়। গীতাই কৰ্মীৰ কৰ্ম, জ্ঞানীৰ জ্ঞান, যোগীৰ ধ্যান ঈশ্বমুখী কৰি বিশ্বাস আৰু একশৰণ ভক্তিৰ ধৰ্ম প্ৰচাৰ কৰিছে। গীতাৰ কৰ্ম্ম ঈশ্বৰৰ কৰ্ম্ম, গীতাৰ জ্ঞান ঈশ্বৰৰ জ্ঞান, গীতাৰ ধ্যান ঈশ্বৰৰ ধ্যান। এই অপুৰ্ব মিলনত কী, জ্ঞান, ধ্যান সকলে ভক্তিযোগৰ অন্তৰ্গত হৈছে। শেষ ফল- কৰ্ম ভক্তিমূলক, জ্ঞান ভক্তিমূলক ধ্যান ভক্তিমূলক। ভক্তিবিবৰ্জিত কৰ্ম্ম জ্ঞান আৰু ধ্যান অকৰ্মণ্য, ফুটুকাৰ ফেন। গীতাৰ ভক্তিমূলক বিশ্বাস আৰু শৰণৰ ধৰ্ম্ম উচৰপৰা নিমুলৈকে সকলোৰে পক্ষে উপযুক্ত। এয়ে সাৰ্ব- লৌকিক আৰু সাৰ্বভৌমিক ধৰ্ম। ধৰ্ম সাধনৰ নানা উপায় নানা মত নানা পন্থা দেখা যায়। শান্তভাব, দাস্যভাব, বীৰভাব, স্বভাব, সন্তানভাব, আদি ভাব আছে; নিৰাকাৰ পোষক আছে, পৌত্তলিক আছে, জহোপাসক আছে, কঠোৰ তপস্যাব্ৰত ধৰা যোগী আছে, পশুত কৰি পশুৰ ৰক্তৰ দ্বাৰাই পূজা কৰা শক্তি উপাসক আছে, কাপালিক আছে, অবোৰপন্থী আছে, সহজ ভজন আছে, বাতি-খোৱা পূৰ্ণধৰীয়া ভকতে আছে। সকলো পথ সত্য পথ নহয়। সকলো পথ সমান নহয়। কোনো পথ সহজ আৰু সুগম, কোনে পথ দুৰ্গম আৰু বিপদপুৰ্ণ আৰু কোনো পথ ঘৃণনীয়। অমুকৰ ঘৰলৈ যাব লাগিলে তেওঁৰ পদুলিয়েদি বাট-ঘৰৰ তলেদি চৰাঘৰলৈ যাব পাৰি, নাইবা তেওঁৰ ঢাপৰ বাহিৰৰ তিনিহতীয়া খাল ডেই, থিয় চাপ বগাই, ঢাপত ৰোৱা বাঁহৰ আজোৰ খাই, বাঁহৰ চেচুকত গজা চোৰাতৰ মাজেদিও ওলাবগৈ পাৰি; নাইবা তেওঁৰ বাৰীৰ পিছ ফালৰ দুৱাপাতনিৰ ওপৰেদিও যাব পাৰি। সহজ ভাল পথ থকাত বেয়া পথ অৱলম্বন কৰা উচিত নহয়। গলে অনেক সময়ত নানা বাধা, বিপদ, প্ৰলোভন আদিৰ বাবে গম ঠাইত উপস্থিত হোৱা অসৱ হৈ পৰে। এইদেখি শঙ্কৰ মাধৱ আৰু মাদৰ এওঁলোকে শিকাইছিল যে ঈশ্বৰত বিশ্বাস আৰু একান্ত শৰণেই প্ৰকৃত ধৰ্ম আৰু এয়ে সহজ ও পথ। প্ৰজা, ধনী, নিৰ্বনী, পণ্ডিত, মুখ, গৃহী, উদাসীন সাধক, সাধক, আৰ্য্য, বেয়া পথেদি