পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৩৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২২
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ

মহাপুৰীয়া বৈষ্ণৱ ধৰ্ম্মৰ আনখনি মূল গ্ৰন্থ শ্ৰীমদ্ভাগৱত। ব্যাসদেৱে জ্ঞানপন্থ তন্ন তন্ন কৰি ব্ৰহ্মমীমাংসা কৰি মনত শান্তি নাপালে। শেহত মহৰ্ষি নাৰদৰ উপদেশ মতে সগুণ ঈশ্বৰৰ মহিমা লীলা বৰ্ণনা কৰি ভাগৱত গ্ৰন্থ লিখি শান্তি লাভ কৰিলে। শুকান জ্ঞানতকৈ ৰসাল ভক্তিৰ শ্ৰেষ্ঠতাৰ প্ৰমাণ ইয়াতকৈ আৰু কি হব পাৰে? সাত দিনৰ অন্তত সাপৰ কামোৰৰ পৰা নিশ্চয় মৰিব বুলি জানি পৰীক্ষিত ৰজাই আন শাস্ত্ৰ কাতি কৈ জীৱনৰ শেষ সময়ত এই ভক্তি প্ৰবৰ্ত্তক অনল্য শাস্ত্ৰ ভাগৱত শুকদেৱৰ মুখৰপৰা শুনিছিল। ভাগৱতোক্ত শ্ৰৱণ কীৰ্ত্তন ধৰ্ম্মৰ এক অঙ্গ অৰ্থাৎ শ্ৰৱণৰ দ্বাৰাইহে ধৰ্ম্ম সাধন কৰি মোক্ষপদ লাভ কৰাই ৰাজা পৰীক্ষিতৰ উদ্দেশ্য আছিল। শুকদেৱ নিজে মহা জ্ঞানী আৰু নিৰ্গুণ ব্ৰহ্মৰ সাধক আছিল, কিন্তু তেৱোঁ ভাগৱত পঢ়ি ভক্তিৰসত মজিছিল।

“শুক নিগদতি পৰীক্ষিত, যদি আমি নিৰ্গু ণত স্থিত,
 তথাপি উত্তমশ্লোকৰ মহিমা গুণে।
কৰিলেক বশ্য মোৰ চিত্ত ভাগৱত গ্ৰন্থ বিপৰীত,
 পৰম আনন্দে পঢ়িলোঁ মই আপোনে॥
তোমাত কহিবো সেহি শাস্ত্ৰ  তুমি আক শুনিবাৰ পাত্ৰ,
 মহাপুৰুষৰ সেৱক তুমি সম্প্ৰতি।
ই শাস্ত্ৰত শ্ৰদ্ধা মাত্ৰকত মুকুন্দৰ পাদ পঙ্কজত
 অতি শ্ৰীঘ্ৰে তাৰ হোৱে জানা সতীমতি॥

-নাম ঘোষা।

 উত্তমশ্লোকৰ অৰ্থ ঈশ্বৰ। ভাগৱত গ্ৰন্থৰ উদ্দেশ্য এই উত্তমশ্লোকৰ মহিমা প্ৰকাশ কৰা। সগুণ ঈশ্বৰৰ মহিমা গুণ কীৰ্ত্তন কৰি ঈশ্বৰ ভজনা কৰাই ভাগৱতী ধৰ্ম্ম। এই মহাধৰ্ম্মৰ মন্ত্ৰ মহাপুৰুষ শঙ্কৰদেৱ তেওঁৰ ৰচিত ভাগৱতৰ প্ৰত্যেক অধ্যায়ৰ শেষতে লিখি ভক্তিধৰ্ম্ম প্ৰবৰ্ত্তাইছিল। বিপ্ৰপত্নী প্ৰসাদ লীলা অধ্যায়ৰ শেহত তেওঁ লিখিছে :-

শ্ৰৱণ কীৰ্ত্তনে যিটো অনুক্ষণে
 ভজে মহা ভক্তি ভৰে।
সিসি মহাজনে সুখে অপ্ৰয়াসে
 হাততে মুকুতি পাৱে।