কৰিব পাৰিলেই ইহলোকৰ অন্তত জীৱৰ স্বৰ্গাদি সুখ হয়। সাংখ্যবাদীসকলৰ মতে কৰ্ম্মই দুখ নিবৃত্তি কৰিব নোৱাৰে; কাৰণ কৰ্ম্ম বন্ধৰ কাৰণ আৰু কৰ্ম্মফলৰ নিমিত্তে জীৱ ঘূৰি ঘূৰি সংসাৰলৈ আহিব লাগে। বিশেষ স্বৰ্গাদি সুখ স্থায়ী নহয়, আৰু অনন্তকাল স্থায়ী আত্মাৰ পক্ষে অস্থায়ী সুখৰ আৱশ্যক কি? সেইদেখি দুখ নিবৃত্তিৰ সাংখ্যমতে একমাত্ৰ উপায় জ্ঞান-প্ৰকৃতি পুৰুষৰ প্ৰভেদ জ্ঞান-পঞ্চবিংশতি তত্ত্বজ্ঞান। পুৰুষ বা আত্মাৰ প্ৰকৃতিৰ লগত একবোধ বাবেই যত দুখ। প্ৰকৃতিৰপৰা পুৰুষৰ ভেদ সাক্ষাৎকাৰ হলেই সকলো সুখ দুখৰ অন্ত পৰে। এই অৱস্থাৰ নামেই
কৈবল্য অৰ্থাৎ পুৰুষৰ বা আত্মাৰ স্বতন্ত্ৰতা বোধ। পুনঃ পুনঃ তত্ত্ব আলোচনাৰ দ্বাৰাই এই অৱস্থা লাভ হয়। এই দৰ্শনত ঈশ্বৰৰ অস্তিত্ব কিম্বা আৱশ্যকতা একেবাৰে নাই , বৰং “ঈশ্বৰাসিদ্ধে” “প্ৰমাণাভাবান্নাতৎ সিদ্ধিঃ” ইত্যাদি সাংখ্য সূত্ৰৰ দ্বাৰাই ঈশ্বৰ এক প্ৰকাৰ অস্বীকাৰ কৰা হৈছে। পতঞ্জলিৰ যোগ শাস্ত্ৰ সাংখ্য তত্ত্বৰ ওপৰত নিৰ্ভৰ কৰে। সাংখ্যৰ কৈবল্য অৱস্থা আৰু যোগ মাৰ্গৰ “নিৰ্ব্বীজ সমাধি” একে কথা। এই দুই দৰ্শনৰ প্ৰভেদ ইয়াকে দেখা যায় যে পতঞ্জলিয়ে ঈশ্বৰ মানিছিল আৰু চিত্তবৃত্তি নিৰোধ দ্বাৰাই সমাধি সিদ্ধিৰ বাবে অন্য অন্য উপায়ৰ লগত ঈশ্বৰৰ প্ৰণিধানও এটি উপায় বুলি তেওঁ উল্লেখ কৰিছে; “ঈশ্বৰ প্ৰণিধানদ্ধং”। ইয়াৰ দ্বাৰাই বুজা যায় যে ঈশ্বৰ প্ৰণিধানৰ বাহিৰে আন উপায়ৰ দ্বাৰাইও চিত্তবৃত্তি নিবোধ কৰি সমাধি সাধন কৰিব পাৰি। এতেকে দেখা যায় মীমাংসা দশনৰ কৰ্ম্মযোগ, সংখ্য দৰ্শনৰ জ্ঞানযোগ আৰু পাতঞ্জল দৰ্শনৰ ধ্যানযোেগ প্ৰয়াত ঈশ্বৰমুখী নহয়। এনে বুজা যায় যে জ্ঞানযোগৰ কৈবল্য আৰু ধ্যানযোগৰ সমাধি অৱস্থা এক প্ৰকাৰ Psychical exercise -অৰ ফল মাত্ৰ। এনে আত্মা সাক্ষাৎকাৰ কেনে তাক ভাষাত বুজোৱা টান আৰু তেনে অৱস্থা হলেই যে একেবাৰে দুখ নিবৃত্তি হয় তাকে নিশ্চয় কৰি কোৱা টান। ইয়াতে এই মাত্ৰ কব লাগে যে বেদান্ত যদিও ব্ৰহ্ম প্ৰতিপাদক তথাপি বেদান্তৰ নিৰ্গুণ ব্ৰহ্ম মানুহৰ ধাৰণা,জ্ঞান ভক্তি আদিৰ অতীত আৰু বেদান্ত দৰ্শনৰ মূল উদ্দেশ্য নিৰ্গুণ ব্ৰহ্মত স্থিতি বা মোক্ষ লাভ-সাংখ্যবাদীৰ কৈবল্য আৰু যোগ শাস্ত্ৰৰ “নিৰ্ব্বীজ সমাধি” প্ৰায় একে যেন অনুমান হয়। গীতাৰ ঈশ্বৰ কিন্তু সগুণ যাক ভক্তি কৰিব পৰা যায়। এই সবিশেষ বা সগুণ ব্ৰহ্মৰ উপাসনা হে গীতাত শ্ৰেষ্ঠ বোলা
পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৩৩২
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১৮
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ
![](http://upload.wikimedia.org/wikipedia/commons/thumb/5/5a/Mahapurus_Sri_Sankardev_Aru_Sri_Madhavadev.djvu/page332-924px-Mahapurus_Sri_Sankardev_Aru_Sri_Madhavadev.djvu.jpg)