সমললৈ যাওক

পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৩৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১৬
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


 সদ্ গুৰুৰ আৱশ্যকতা সম্পৰ্কে মহাপুৰুষীয়া সম্প্ৰদায়ৰ মত এই :-গুৰুৰ উপদেশ ধৰ্ম্ম সাধনৰ নিমিত্তে আবশ্যকীয় কিন্তু সেই গুৰু উপযুক্ত গুৰু হব লাগে নতুবা বিশেষ হানি হয়। উত্তম গুৰু কেনে ভক্তিৰত্নাকৰত লিখিছে :-

“বেদৰ ৰহস্য তত্ত্ব সকলে জানন্ত।
কৃষ্ণক ভকতি বলে সাক্ষাৎ কৰন্ত॥
এহেন্তে উত্তম গুৰু কহিলোঁ সম্প্ৰতি।
ইহাৰেসে উপদেশে শুদ্ধ হোৱে মতি॥”

 শাস্ত্ৰ জানে অথচ ভক্ত নহয় এনেজনৰ উপদেশ উপকাৰী নহয়। হাজাৰ শাস্ত্ৰ পঢ়াৰপৰা মেধাৰ দ্বাৰাই ব্ৰহ্মজ্ঞান নহয়। “নায়মাত্মা প্ৰবচনেন লভ্যো ন মেধয়া ন বহুনা শ্ৰুতেন।” (কঠোপনিষৎ) ভক্ত অথচ শাস্ত্ৰজ্ঞান নাই এনে গুৰুৱে শিষ্যৰ সংশয় গুচাব নোৱাৰে। সেইদেখি গুৰু একাধাৰে শাস্ত্ৰজ্ঞানী আৰু ভক্ত হব লাগে। কোনো বিশেষ বৰ্ণ বা জাতিৰ লোকহে গুৰু হব পাৰে এনে কথা পোৱা নাযায়। কিন্তু ধৰ্ম্মগুৰু আৰু শিষ্য একে ধৰ্ম্মাৱলম্বী হোৱা নিতান্ত আৱশ্যক, বৈষ্ণৱ ধৰ্ম্মাৱলম্বী শিষ্যক শাক্ত ধৰ্ম্ম দিয়া যেনে অনুচিত তেনেকৈ শিষ্য শাক্ত মতাৱলম্বী গুৰুৰ ওচৰলৈ যোৱাও অযুগুত। এনে বেমেজালি বৰ্ত্তমান সময়ত আসামত হৈছে কিন্তু ভাৰতৰবৰ্ষৰ অন্য ঠাইত এনে বোধকৰোঁ হোৱা নাই।

 উপনিষদ,ব্ৰহ্মসূত্ৰ আৰু গীতা এই তিনি ভাগ গ্ৰন্থক যে আমাৰ শাস্ত্ৰত প্ৰস্থানত্ৰয় বোলা হয় ইয়াৰ ভাবাৰ্থ এনে অনুমান হয় যে মূল হিন্দুশাস্ত্ৰৰ ভিতৰত এই তিনটি ভাগ প্ৰকৃত ঈশ্বৰ প্ৰতিপাদক আৰু ঈশ্বৰ সাধনামুলক,আৰু সেইদেখি এই তিনিওটিৰ শিক্ষা আশ্ৰয় কৰি জীৱই নিৰ্ভয়ে ইহলোকৰ পৰা অনন্তলোকলৈ প্ৰস্থান কৰিব পাৰে। ব্ৰহ্মসূত্ৰৰ বিশদ ব্যাখ্যা উপনিষদ বিলাকত পোৱা যায় আৰু গীতা উপনিষদৰ সাৰ। এই নিমিত্তে গীতাক প্ৰস্থানত্ৰয়ৰ সাৰ বুলিব পাৰে। সচৰাচৰ কোৱা হয় যে সহস্ৰ নামৰ নাম,ভাগৱতৰ সৎসঙ্গ আৰু গীতাৰ একশৰণ এই লৈয়ে মহাপুৰুষীয়া ধৰ্ম্ম। এই তিনটি অঙ্গৰ ভিতৰত শৰণেই যে ঘাই আৰু ধৰ্ম্মৰ মূল ভিত্তি তাক কোৱা বাহুল্য মাথোন। গীতাৰ একশৰণ কি? নে এক পৰমেশ্বৰত সুদৃঢ় বিশ্বাস, সকলো ধৰ্ম্ম কৰ্ম্ম তেওঁতে সমৰ্পণ, কায়মনোবাক্যে এক-শৰণ,তেওঁৰ প্ৰতি অব্যভিচাৰী ভক্তি;