সমললৈ যাওক

পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৩২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১৫
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


স্বৰ্গাদি সুখৰ আশা কৰি বা আন সংকল্প কৰি machine নিচিনাকৈ যাগ যজ্ঞ পূজাদি কৰে তেওঁলোকেই সমাজত গোৰা হিন্দু বুলি পৰিচিত। ঈশ্বৰৰ উদ্দেশ্যে কৰ্ম্ম কেইজনে কৰে। হায়, এই প্ৰকাৰ কৰ্ম্মৰপৰা নিৰন্ত কৰি লোকক ঈশ্বৰমুখী কৰিবলৈ যত্ন কৰাৰ বাবেই শঙ্কৰ মাধৱ আদিয়ে নানা প্ৰকাৰ নিৰ্যাতন সহ্য কৰিব লগাত পৰিছিল। এতিয়াও তেওঁলোকক সমাজবিৰোধী ধৰ্ম প্ৰচাৰক বুলি জনাশুনা লোকেও ব্যাখ্যা কৰে! শঙ্কৰ মাধৱে যি কৰ্ম্মযোগ শিক্ষা দিছিল সি সম্পূৰ্ণ ভাবে ঈশ্বৰমুখী।

“চেতসা সৰ্ব্বকৰ্ম্মাণি নয়ি সংন্যস্য মৎপৰঃ।
বুদ্ধিযোগমুপাশ্ৰিত্য মচ্চিত্তঃ সততং ভব।”
“ব্ৰহ্মণ্যাধ্যায় কৰ্ম্মাণি সঙ্গং ত্যক্তা কৰোতি যঃ।
লিপ্যতে ন স পাপেন পদ্মপত্ৰমিবাম্ভসা॥ ”
“নুবুজে বেদ অভিপ্ৰায় গূঢ়॥
কৰ্ম্মক কৰিবে জানে মুঢ়।”
মূৰ্খ হুয়া বোলে মই পণ্ডিত।
নষ্ট কৰি ফুৰে আনৰো চিত্ত।
নিস্কামে কৰিয়া সকল কৰ্ম।
বিষ্ণুত অৰ্পিৰ সিসৰ ধৰ্ম॥

-কীৰ্ত্তন।

 ঈশ্বৰত সমস্ত ধৰ্ম্ম সমৰ্পণ কৰাই দাস্য ভক্তিৰ মূলকথা আৰু এই প্ৰকাৰ ভক্তিয়েই মহাপুৰুষীয়া ধৰ্মৰ সাৰ, এই কথা বাৰে বাৰে উল্লেখ কৰা হৈছে। যি কৰ্মৰ মূলত সংকল্প লাভৰ আশা নাই, যি কৰ্ম্ম নিৰ- হংকাৰীভাবে কেৱল ভগৱানৰ উদ্দেশে কৰা হয় সেয়েহে প্ৰকৃত যজ্ঞ কৰ্ম্ম। যজ্ঞৰ প্ৰকৃত ভাব ত্যাগ ( Sacrifice )। এই যজ্ঞৰ বেদী-জগতৰ হিত, ত্যাগ—আত্ম বলিদান আৰু যজ্ঞেশ্বৰ স্বয়ং ঈশ্বৰ। এনে ধৰ্ম্মই ঈশ্বৰমুখী আৰু সমাজমুখী।


"But though dealing so largely with the saered Scriptures of the Hindus and thus commanding a large share of their respect, oddly enough, it propounds a Godless system of religion. The main drift of its arguments is to show that if bliss be the fruit of good works, the interposition of a deity is simply superfluous.