গাইগোটা সাধন এই ধৰ্ম্মৰ অনুমোদিত ব্যৱস্থা নহয়। সেইদেখি
ৰাজহুৱা নামঘৰ, কীৰ্ত্তন, আদিত ভক্তসকলে গোট খাই সমবেত প্ৰসঙ্গ,
নাম, কীৰ্ত্তন আদি কৰা অসমীয়া বৈষ্ণৱ সম্প্ৰদায়ৰ ধৰ্ম্মৰ প্ৰধান অঙ্গ।
চাপৰি বজাই তাল নাগাৰা আদিৰ সাহায্যেৰে নাম কীৰ্ত্তন কৰা হয়।
বঙ্গদেশীয় বৈষ্ণৱবিলাকৰ নিচিনা নগৰ কীৰ্ত্তন, নৃত্য আদি অসমীয়া বৈষ্ণৱৰ
মাজত প্ৰচলিত নাই। সমবেত কীৰ্ত্তনৰ বাহিৰেও বহুতে নিজ নিজ ঘৰত
প্ৰসঙ্গ আদিৰ দ্বাৰাই পাৰিবাৰিক উপাসনা কৰে, আৰু এই বাবে পাৰিবাৰিক
উপাসনা ঘৰ বা নাম-ঘৰ প্ৰায় লোকৰ আছে। প্ৰসঙ্গ বা প্ৰাৰ্থনাৰ (Prayer)
কেইটিমান ঘাই ভাগ আছে যাক ছন্দ বোলা হয়, যেনে নামছন্দ, শৰণছন্দ।
ইয়াৰ বাহিৰেও মাধৱদেৱৰ ঘোষাত, প্ৰশংসা, ভজন, উপদেশ, মহিমা,
আত্মাউপদেশ, আত্মনিন্দা, কাকুতি প্ৰভৃতি প্ৰসঙ্গৰ অঙ্গ দেখা যায়।
শঙ্কৰ মাধৱ উভয়ে কৰ্ম্মবাদী মীমাংসক আচাৰ্য্যসকলৰ মতৰ বিৰুদ্ধে শিক্ষা দিছিল। ইয়াৰ কাৰণ এই যে এতিয়াতকৈও তেওঁলোকৰ সময়ত জনসাধাৰণৰ মাজত কৰ্ম্মবাদীসকলৰ প্ৰাধান্য খুব বেছি আছিল। মীমাংসক আচাৰ্য্যবিলাক নিৰীশ্বৰবাদী, অৰ্থাৎ যাক আজিকালি সাধাৰণ ভাষাত নাস্তিক ( atheist) বোলা হয়। (২) তেওঁলোকৰ মতে বেদ নিত্য আৰু অভ্ৰান্ত আৰু জীৱৰ ধৰ্ম্ম বেদবিহিত যাগ পূজাদিৰ দ্বাৰাই স্বৰ্গ কামনা কৰা। “যজেত স্বৰ্গকামঃ।” ইন্দ্ৰাদি দেৱতাৰ উদ্দেশ্যে যজ্ঞ কৰা হয় সত্য, কিন্তু দেৱতা গৌণ মাত্ৰ, প্ৰয়োজনীয় নহয়, দেৱতা কেৱল মন্ত্ৰায়ক। বিধি নিষেধ আদি পালন কৰি অভ্ৰান্ত বেদৰ বিহিত কৰ্ম্ম কৰিলেই পুণ্য সঞ্চয় হয়, ঈশ্বৰৰ প্ৰয়োজন নাই-এয়ে তেওঁলোকৰ মত। তেওঁলোকে জগৎস্ৰষ্টা বা পালনকৰ্ত্তা এজন ঈশ্বৰ আছে বুলি স্বীকাৰ নকৰে। প্ৰকৃততে তেওঁলোকৰ ধৰ্ম্ম Godless religion (৩)। কৰ্ম্মবাদীসকলৰ এই ঈশ্বৰ বিমুখী ধৰ্ম্মই পুৰ্ব্বাপৰ জনসাধাৰণৰ মাজত প্ৰচলিত আছে-ই বাস্তৱিক আশ্চৰ্য্যৰ বিষয়। এতিয়াও যিসকলে মীমাংসকবিলাকৰ অনুমোদিত ভাবে
(২) দাৰ্শনিক ভাষাত যিসকলে দেহৰ অতিৰিক্ত আত্মাৰ স্বতন্ত্ৰতা স্বীকীৰ নকৰে অৰ্থাৎ যিবিলাক দেহাত্মাবাদী (materialist) তেওঁবিলাককহে নাস্তিক বোলা হয়। চাৰ্ব্বাক এই শ্ৰেণীৰ ঘাই আচাৰ্য্য। জৈমিনি প্ৰভৃতি মীমাংসক আচাৰ্য্যসকল আৰু কপিল, প্ৰমুখ্য সাংখ্যবাদী আচাৰ্য্যসকল নিৰীশ্বৰবাদী হলেও তেওঁলোকক নাস্তিক বোলা নহয়, কাৰণ তেওঁলোকে আত্মাৰ স্বতন্ত্ৰ অস্তিত্ব মানে। (৩) মহামহোপাধ্যায় মহেশচন্দ্ৰ ন্যায়ৰত্নৰ দৰ্শনৰ পাতনিত লিখিছেঃ-