এই কেবিধ ভক্তিৰ ভিতৰত শ্ৰৱণ কীৰ্ত্তনকে সাধনৰ মুখ্য উপায় বুলি শঙ্কৰ মাধৱ দুয়ো ধৰিছে। এই দুটি হলেই ইবিলাক আপোনাআপুনি হয় এনে বুজোৱা হৈছে আৰু হৰি গুণ নাম কীৰ্ত্তনেই কলিৰ লোকৰ শ্ৰেষ্ঠ ধৰ্ম্ম বুলি বাখ্যা কৰা হৈছে। “হৰেৰ্নামৈব কেবলম্ কলৌ নাস্ত্যেৰ নাস্ত্যেৰ নাস্ত্যেৰ গতিৰন্যথা।” অৰ্চ্চন পদসেৱন আদিত যি পূজা আছে তাৰ আৱশ্যকতা সম্পৰ্কে মহাপুৰুষ জনাৰ পুথিত বিশেষ একো লিখা পোৱা নাযায়। সাধনৰ এই দুটি অঙ্গ সিমান আৱশ্যক বা উপযুক্ত নহয় এয়ে তেওঁলোকৰ অভিপ্ৰায় যেন বুজা যায়। বিশেষ এই প্ৰকাৰ পূজা নিষ্কাম হলেহে ফলপ্ৰদ হয় আৰু এই পূজাৰ সামগ্ৰি ধন-বিত সুবৰ্ণ আদি নহয়, তাত নাৰায়ণৰ তৃপ্তি নহয়, অকপত শুদ্ধ ভক্তিহে পূজাৰ পৰম বস্তু এই কথা স্পষ্টভাৱে লিখা আছে। (৪)
আন আন মত অনুসাৰে ভক্তিৰ নিম্নলিখিত প্ৰকাৰৰ বেলেগ stage বা স্তৰৰ কথা পোৱা যায়, যেনে শান্ত, দাস্য, বাৎসল্য, মধুৰ। এইবিলাককো সাধনৰ পথ বুলিব পাৰি। বাৎসল্য ভাবত শিশু যেনেকৈ
আত্মা ঈশ্বৰত মাত্ৰ দৃষ্টি হোৱে তাৰ।
কৃষ্ণ কথা শ্ৰৱণৰ মহিমা অপাৰ॥
ঈশ্বৰ কৃষ্ণৰ লীলা চৰিত্ৰ সিজন।
পৰম শ্ৰদ্ধাৰে সদা কৰন্ত শ্ৰৱণ॥
অতি অল্প কালে আসি তাহাৰ হিয়াত।
হোন্ত ভগৱন্ত কৃষ্ণ প্ৰকাশ সাক্ষাত॥”
“কৃষ্ণ পাৱে এক শৰণ পশিয়া কৃষ্ণক সদা স্মৰয়।
হোৱে পাপক্ষয় মুকুতি মিলয় এহিসে ভৈলা নিৰ্ণয়।”
-ভক্তি ৰত্নাকৰ।
“ইন্দ্ৰিয়ৰ সুখ অৰ্থে অৰ্চ্চয় তোমাক।
সিটো কুকৰতি অভিলেক আপোনাক॥”
নুহি যোগ্য প্ৰাৰ্থিবে তোমাৰ চৰনত।
বিষয় সম্বন্ধ-সুখ আছে যত যত॥ ”
“শুনা কৃষ্ণ পূজাৰ সামগ্ৰি যেন-মত॥
গৰ্ব্ব আদি দুষিত যতেক বহু ধন।
তাত অতি তৃপিতি নুহিকে নাৰায়ণ॥
অকপট শুদ্ধ তাৰ আদি হৃদয়ৰ।
পূজাৰ পৰম বস্তু সেহিসে কৃষ্ণৰ॥”
“তযু পাদ পঙ্কজে নিশ্চল বুদ্ধি সৰে।
জলে ফুলে অব্য়ভিচাৰিণী পূজা কৰে॥”
-ভক্তি ৰত্নাৱলী।
21