মৰে, কিনো লোক অধম মুগুধ।” একমেবাদ্বিতীয়ম্ ঈশ্বৰৰ আগত অন্য
দেৱ দেবী তুচ্ছ। (২)
ঘোষাত আছে:-“হৰিৰ গৃহৰ দ্বাৰে, বেত্ৰৰ প্ৰাহাৰ যোগ্য, ব্ৰহ্মা ইন্দ্ৰ আদি দেৱ জাক।” শ্ৰীক্ষেত্ৰ আদি তীৰ্থত যাত্ৰীৰ ইমান বেছি সমাগম হয় যে পাণ্ডাবিলাকে বেতেৰে কোবাই আগলৈ হেচি যোৱা মানুহবিলাকক আঁতৰত ৰাখিব লাগে। মাধৱদেৱ নিজে শ্ৰীক্ষেত্ৰলৈ গৈছিল আৰু তেওঁ তাতে এনে দুৰৱস্থা দেখি এই উপমা দিয়া যেন বোধহয়। যি হওক এই উপমাৰ দ্বাৰাই একমাত্ৰ চৈতন্য ঈশ্বৰ আৰু জড় দেৱ দেবীৰ ভিতৰত কেনে পাৰ্থক্য তাক ভালকৈ বুজা যায়।
কোচ ৰজাৰ প্ৰধান বিষয়া বিৰু কাৰ্য্যীৰ সভাত মাধৱদেৱে এদিন পৰমেশ্বৰত বাজে আন দেৱতা জড় বুলি প্ৰকাশ কৰাত বিৰুৱে মাধৱক নথৈ তিৰস্কাৰ কৰিছিল আৰু সভাস্থ বাহ্মণসকলে মাধৱক নানা উপহাস কৰিছিল। মাধৱে তেতিয়া ভগৱানৰ মোহিনী লীলা উল্লেখ কৰি দেখুৱালে যে ভগৱানৰ মায়াই আন দেৱতা নেলাগে যাক দেৱাদিদেৱ মহাদেৱ বোলা হয় তেওঁকো মুহিছিল। জড়কহে মায়াই মোহিত কৰিব পাৰে, চৈতন্য মোহ হব নোৱাৰে। মহাদেৱে অহংকাৰ কৰি কৈছিল-
“মহাযোগবলে শুদ্ধ কৰি আছো কায়া।
ব্ৰহ্মময় দেখো কি কৰিব পাৰে মায়া॥
(২)কৃষ্ণ একদেৱ দুঃখ হাৰী, কাল মায়াদিৰো অধিকাৰী,
কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ।
সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিনে আন নাহি কেৱ;
জনিবা বিষ্ণুসে সমস্ত জগতে সাৰ॥”
-ঘোষা।
“দেৱৰ দেৱতা হৰি, জানিয়া, যতন কৰি,
লৈয়ে এক হৰণ কৃষ্ণত।
গোৱা গুণ নাম গীত, কৰিয়া একান্ত চিত্ত,
তেবে থান পাইবা বৈকুণ্ঠত॥”
-দশম স্কন্ধ।
“বুজিবা মনত সবে কৰিয়া নিশ্চয়।
কৃষ্ণ বিনা আন শ্ৰেষ্ঠ দেব নাহিকয়॥
কৃষ্ণসে তপস্বি দেৱ জানা নিষ্ঠ কৰি।
লৈয়োক শৰণ সৱে আন পৰিহৰি॥
-ভক্তি ৰত্নাকৰ।