কৰা হৈছে। এই বাৰে গুৰু দুজনাই আন দেৱ দেবীৰ পূজা একেবাৰে মানা কৰিছিল আৰু যিবিলাক শিষ্যই এই নিষেধ নামানিছিল সিহঁতক একেবাৰে পৰিত্যাগ কৰিছিল। ইয়াৰ ভাল উদাহৰণ ব্যাসকলাই বাপু। এইজন ব্ৰাহ্মণ শিষ্য আদিৰপৰা শঙ্কৰৰ পৰম ভক্ত আছিল। বৰদোৱাত বাহ্মণবিলাকে শঙ্কৰৰ প্ৰতি অত্যন্ত দ্বেষভাব আচৰণ কৰাৰ সময়ত ৰত্নাকৰ কন্দলি আৰু এওঁ দুয়ো দৃঢ় ভাৱে শঙ্কৰৰ পক্ষ অৱলম্বন কৰি আছিল। ভটীয়াই কামৰূপ দেশলৈ আহোতে এওঁ গুৰুৰ লগ নেৰি গুৰুৰ লগতে ভটীয়াই আহিছিল। আহোঁতে বাটতে এওঁৰ এটি পুত্ৰৰ “বৰ খহু” অৰ্থাৎ বসন্তৰোগত মৃত্যু হয়। পাছত বৰপেটাত থাকোতে এওঁৰ দ্বিতীয় পুত্ৰৰ সেই ৰোগ উপস্থিত হোৱাত বাহ্মণে পুত্ৰৰ মায়াত গুৰুৰ নিষেধ স্বত্বেও শঙ্কৰে নজনাকৈ মনে মনে ওচৰৰ চপৰা গাৱলৈ গৈ তাতে শীতলাৰ পূজা কৰিছিল। শঙ্কৰে এই কথা ভু পাই ব্যাসকলাই বাপুৰ মুখ নেচাওঁ বুলি তেনেজন হিতকাৰী শিষ্যকো পৰিত্যাগ কৰিলে। শেহত হাজাৰ অনুনয় বিনয় কৰা স্বত্বেও শঙ্কৰে তেওঁক ক্ষমা নকৰিলে। ব্যাসকলাই বাপুৱে শেহত শ্ৰীক্ষেত্ৰলৈ গৈ সাগৰত পৰি প্ৰাণ ত্যাগ কৰিলে। ব্যাসকলাই বাপুৰ প্ৰতি এনে আচৰণ কৰি যে শঙ্কৰে নিজে মৰ্ম্মান্তিক বেদনা পাইছিল তাৰ কোনো সন্দেহ নাই; কিন্তু তেওঁ নিজে যি ধৰ্ম্ম নীতি প্ৰচাৰ কৰিছিল সেই নীতিৰ বিৰুদ্ধে কাৰ্য্য কৰা লোকক তেওঁ প্ৰশ্ৰয় দিলে যে ফল অতি বিষম হলহেঁতেন এই কথা তেওঁ ভালকৈ বুজিছিল।
একমাত্ৰ ঈশ্বৰ চৈতন্য আন দেৱ দেবী সমস্ত জড়। (১) এতেকে জড়ৰ উপাসনা কৰা কৰ্তব্য নহয়। “চৈতন্য কৃষ্ণক এৰি, জড়ক ভজিয়া
(১)
“হৰি সে চৈতন্য, আত্মা জ্ঞানময়, আৱৰ সময়ে জড়।
বেদ বেদান্তৰ, সমস্ত শাস্ত্ৰৰ, এহিসে বিচাৰ বড়॥"
“হৰিমাত্ৰ সত্য, চৈতন্য ঈশ্বৰ, পৰম তত্ত্ব নিৰ্ণয়।”
“হে কৃষ্ণ তুমি মাত্ৰ, চৈতন্য স্বৰূপ নিত্য, সত্য শুদ্ধ জ্ঞানঅখণ্ডিত।
আৱৰ যতেক ইটো তোমাৰ বিনোদ ৰূপ,চৰাচৰ মায়াৰ কল্পিত।”
“পৰম পুৰুষ ভগবন্ত নাহি পূৰ্ব্বাপৰ আদি অন্ত
তুমি সে চৈতন্য সমস্ত ভাৱ ভাৱন্তা”
-ঘোষা।
“জানিলো সাক্ষাতে তুমি পুৰুষ পুৰাণ।
নিৰঞ্জন আনন্দ স্বৰূপ সৰ্ব্বজান॥
তুমিসে কেৱল সঁচা সবে মায়াময়।
তোমাতেসে হন্তে সৃষ্টি হোৱে স্থিতি লয়।”
-দশম স্কন্ধ।