কিন্তু সেই অহঙ্কাৰ চুৰ্ণ হল। এতেকে এক অনন্ত ভগৱানেই নিত্য,
শুদ্ধ, বুদ্ধ, আন সকলো মায়াৰ বশ, গতিকে জড়। ভগৱানৰ এই লীলাৰ-
পৰা এই কথা ভালকৈ বুজা যায়। আৰু এই উদ্দেশ্যেই শঙ্কৰৰ “কীৰ্ত্ত-
নতো” “হৰমোহন” অধ্যায় লিখা হৈছিল। বহুদিন হল, “জোনাকীত”
এজন লিখকে অশ্লীল কুৰুচিপূৰ্ণ কথা থকা “হৰমোহন” অধ্যায়ে কীৰ্ত্তনত
ঠাই পোৱা দেখি দুখ প্ৰকাশ কৰি লিখিছিল। সেইজন লিখকে এই আধ্যাৰ
গুৰ্ঢ় তাৎপৰ্য্য বুজা নাছিল এনে অনুমান হয়। এই অধ্যায়ত এটি এনে
সুন্দৰ স্তুতি আছে যে সেইটি ইয়াত তুলি নিদি নোৱাৰিলো। স্তুতিটি এইঃ-
“নমো নমো মাধৱ বিধিৰ বিধি দাতা।
তুমি জগতৰ গতি মতি পিতা মাতা॥
তুমি পৰমাত্মা জগতৰ ঈশ এক।
একো বস্তু নাহিকে তোমাত ব্যতিৰেক॥
তুমি কাৰ্য্য কাৰণ সমস্ত চৰাচৰ।
সুবৰ্ণ কুণ্ডলে যেন নাহিকে অন্তৰ॥
তুমি পশু পক্ষী সুৰাসুৰ তৰু তৃণ।
অজ্ঞানত মুঢ়জনে দেখে ভিন ভিন॥
তোমাৰে সে মায়ায়ে মোহিত সৰ্ব্বক্ষণে।
তুমি আত্মা তোমাক নাজানে একোজনে॥
সমস্ত ভূতৰে তুমি আছা হৃদয়ত।
তত্ত্ব, নাপাই তোমাক বিচাৰে বাহিৰত॥
তুমি সে কেৱলে সত্য মিছা সবে আন।
জানি জ্ঞানীগণে কৰে হৃদয়ত ধ্যান॥
নমাগোহোঁ সুখ ভোগ নালাগে মুকুতি।
তোমাৰ চৰণে মাত্ৰ থাকোক ভকতি।”
এই স্তুতিতে বেদান্তৰ তাৎপৰ্য্য সুন্দৰৰূপে পোৱা যায়।
একনিষ্ঠ ভক্তি সহকাৰে এক চৈতন্য ঈশ্বৰৰ আৰাধনাই ধৰ্ম্মৰ মুল কথা। এই আৰাধনাৰ উপায় পূজা, হোম, যজ্ঞ আদি নহয়, কেৱল ঈশ্বৰৰ নাম গুণ শ্ৰৱণ কীৰ্ত্তন। উত্তৰ হব পাৰে যে অকল হৰিনাম উচচাৰণ কৰিয়েই কি জীৱৰ উদ্ধাৰ হব পাৰে? কত লোকে খাওঁতে বহোতে