পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৩১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০১
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


যে কি সৌভাগ্যৰ কথা তাক বাৰ বাৰ কৈছে। নবজীৱনৰূপ সুবিধা পাই জীৱই অকল ভক্তি আশ্ৰয় কৰি মুক্তি লাভ কৰিব পাবে, শঙ্কৰে কীৰ্ত্তনৰ প্ৰায় প্ৰত্যেক অধ্যায়ৰ শেষত এই কথা লোকক বুজাবৰ চেষ্টা কৰিছে।

 এই ভক্তি কেবল একনিষ্ঠ অব্যভিচাৰী হব লাগে, নহলে ব্ৰাহ্মলাভ নহয়। গীতাত ভগৱানে কৈছে, “মাঞ্চ যোহব্যভিচাৰেণ ভাক্তযোগেন সেৱতে। স গুণান সমতীতৈতাত ব্ৰহ্মভূষাষ কল্পতে। “সৰ্ব্ব ধৰ্ম্মান্ পৰিত্যজ্য মামেকং শৰণং ব্ৰজ।” নাম ঘোষাত লিখিছে :-

“মোত মাত্ৰ সদা দিয়া মন,  মোৰ ভক্ত হোৱা সৰ্বক্ষণ,
 মোক পূজা মাত্ৰ মোকে কৰাঁ নমস্কাৰ।
কহিলো তোমাত সত্য বাণী,  পাইবা মোক সুখে মহামানি,
 তুমি প্ৰিয়তম সুহৃদ সখি আমাৰ।”
“বৃষ্ণ নিগদিত সব্যসাচি, পৰমাৰ্থ তত্ত্ব লয়ো বাছি,
 সুদৃঢ় বিশ্বাসে শৰণ লৈয়ো আমাত।
মোতে মাত্ৰ সদা দিয়া চিত্ত গায়ো মোৰ গুণ নাম গীত,
 সকল শাস্ত্ৰৰ কহিলোঁ সাৰ সাক্ষাত॥”

 এইদেখি শঙ্কৰ মাধৱে প্ৰচাৰ কৰা ধৰ্মক “একশৰণ” ধৰ্ম বোলা হয়, অৰ্থাৎ পৰমেশ্বৰৰ প্ৰতি নিদাম, একনিষ্ঠ, সুদৃঢ় ভক্তিয়েই এই ধৰ্মৰ মূল কথা। ভগৱানৰ প্ৰসাদত যি মহাপুৰুষৰ এই প্ৰকাৰ একান্ত ভক্তি হৃদয়ত জন্মে তেওঁ মোক্ষপদকে আশা নকৰি অকল ভক্তিতেই মজি থাকে।

 এইবাবেই মহাপুৰষীয়া সম্প্ৰদায়ৰ মাজত অন্য দেৱ দেবীৰ পূজা নিষিদ্ধ। ‘এক দেৱ এক সেৱ, এক বিনে নাহি কেৱ।” “অন্য দেৱী দেৱ, নকৰিবা সেৱ, গৃহকো নাযাইবা, প্ৰসাদ নাখাইবা, ভক্তি হৈব ব্যভিচাব।”অন্য দেবী পুজা কৰিলে ভক্তি ব্যভিচাৰী হয়। দামোদৰদেৱেও এই ধৰ্ম্মকেহে শিক্ষা দিছিল। কালক্ৰমত এই শিক্ষা লৰচৰ হয়। বৰ্তমান সময়ত কোনো কোনো দামোদৰী পন্থৰ বৈষ্ণৱ আচাৰ্য্যই শিষ্যক শাক্ত মন্ত্ৰ দিয়াও শুনা যায় আৰু তেনে শিষ্যই প্ৰকাশ্যে তান্ত্ৰিক নিয়মে দেবীৰ পূজা কৰাও দেখা যায়। একমেবাদ্বিতীয়ম পৰমেশ্বৰৰ প্ৰতি একনিষ্ঠ অব্যভিচাৰী ভক্তি যে শঙ্কৰ মাধৱৰ ধৰ্মৰ মূল ভিত্তি আছিল এই কথা বাৰে বাৰে উল্লেখ .