উপাসনা। নিৰাকাৰৰ ধাৰণা বা সাক্ষাৎ উপাসনা নহয় বাবে এনে উপায় অৱলম্বন কৰা হয়। ক্ষুদ্ৰমতি লৰাই বিস্তীৰ্ণ ভূমণ্ডলৰ বিষয় ধাৰণা কৰিব নোৱাৰে, সেই বাবে globe বা গোলকৰ সাহায্যত শিক্ষকে বুজাই দিয়ে। সাকাৰ উপাসনা নিন্দা কৰি যিসকলে নিৰ্গুণ নিৰাকাৰৰ উপাসনা কৰে তেওঁলোকেই দয়াময়, মঙ্গলময়, সৰ্ব্বশক্তিমান, ন্যায়বান প্ৰভৃতি বিশেষণ ব্ৰহ্মত প্ৰয়োগ কৰে। তেওঁলোকেও প্ৰাৰ্থনাৰ সময়ত নিৰাকাৰ ব্ৰহ্মৰ চৰণ-কমল, সিংহাসন শান্তিময় ক্ৰোড় প্ৰভৃতি উল্লেখ কৰে। ই তেওঁলোকৰ দোষ বুলিব নোৱাৰি, কাৰণ নিৰাকাৰ আৰু নিৰ্গুণৰ ধ্যান সাধাৰণৰ পক্ষে অসম্ভৱ বাবেই তেওঁলোক অজ্ঞাতভাৱে সাকাৰৰ চিন্তা কৰিবলৈ বাধ্য হয়। লোকৰ অধিকাৰভেদে ভিন্ন ভিন্ন প্ৰকাৰ উপাসনাৰ সৃষ্টি,কিন্তু সকলোৰে লক্ষ এক পৰমব্ৰহ্ম সাধনা।
“মায়া হ্যেষা ময়া সৃষ্টা যন্মাং পশ্যসি নাৰদ।
সৰ্ব্বভূতগুণৈমুক্তিং মৈবং মাং দ্ৰষ্টু মৰ্হষি॥”
হে নাৰদ, তুমি যে মোক দেখিছা ই মোৰ মায়াৰে ফলত, নহলে মই গুণাতীত, মোক নেদেখিলাহেঁতেন। লোকৰ উপকাৰৰ নিমিত্তেই ভগৱানে মায়িক শৰীৰ গ্ৰহণ কৰে, এই কথা গীতাত আছে। এই মায়িক শৰীৰেই তেওঁৰ লীলা। মাধৱদেৱে ঘোষাত লিখিছে যে কঠিন আত্মতত্ত্ব লোকে সহজে বুজিবৰ নিমিত্তেই ভগৱানৰ লীলাৰ মূল কাৰণ।
“পৰম দুৰ্ব্বোধ আত্মতত্ত্ব, তাৰ জ্ঞান অৰ্থে হৰি যত
লীলা অৱতাৰ ধৰা তুমি কৃপাময়।”
মায়িক শৰীৰ পৰিগ্ৰহ কৰিলে নিৰ্গুণ ঈশ্বৰ সগুণৰূপে অৱতীৰ্ণ হয়। সেই সগুণ ঈশ্বৰৰ প্ৰতি হে ভক্তিৰ উদ্ৰেক হয়, সেয়ে হলে হে আত্মতত্ত্ব জ্ঞান হব পাৰে। কেৱল শাস্ত্ৰ অধ্যয়ন, অনুশীলন বা চিন্তাৰ দ্বাৰাই যে তত্ত্বজ্ঞান হব পাৰে এনে বিশ্বাস একেবাৰে ভুল। ৰাশি ৰাশি শাস্ত্ৰ পঢ়িলেও প্ৰকৃত জ্ঞানী হব নোৱাৰি। শাস্ত্ৰজ্ঞান পাণ্ডিত্য নহয়,ব্ৰহ্মজ্ঞান হে পাণ্ডিত্য, বৃহদাৰণ্যক উপনিষদত এই কথা আছে। দৰাচলতে ভক্তি নহলে জ্ঞান আৰু জ্ঞান নহলে মুক্তি নহয়, এই কথা শঙ্কৰাচাৰ্য্য আদি কৰি জ্ঞান মাৰ্গৰ আচাৰ্য্যবিলাকেও স্বীকাৰ কৰে। “ভক্ত্যা নামভিজানাতি বাবান্ যশ্চাস্মি তত্ত্বতঃ।” বৈষ্ণৱ প্ৰধান পূজ্যপাদ শ্ৰীধৰ স্বামীয়ে কয়