এীশৰদেৱ আৰু মাধৱদে যায়, পৌত্তলিকতা প্ৰচাৰ কৰিবৰ অৰ্থে নহয়। বৰদোৱাৰ বাহিৰে গনো কেত্ৰি, বৰপেটা, পাটবাউসী প্ৰভৃতি ঠাইত তেনে কোনো প্ৰতিমা পাপন কৰোৱা চৰিত্ৰৰপৰা পোৱা নেয়। সদীয়াৰপৰা গুৱালপাৰালৈকে অসমৰ গাঁৱে গাঁৱে নামঘৰ, কীৰ্তনবৰবিলাক আছে, সেইবিলাকত থাপনা আছে, শলান্তি আছে, কিন্তু কোনো মুত্তি বা প্ৰতিমা নাথাকে। পৌত্তলিকতা বুলিলে প্ৰতিমাত পুজা বুজায়, অথচ পুজা সেৱা প্ৰভৃতি কযোগৰ অন্তৰ্গত। শঙ্কৰ-মাধৱ দুয়োজনে পাৰ্যমানে বৰ্তমান যুগত এই কৰ্মযোগৰে অসাৰত দেখাই ভক্তিযোগ প্ৰাধান্য বুজাইছে, তেনে স্বলত এওঁলোকে পৌত্তলিকতা শিক্ষা দিছিল বুলি কোৱা যে নিতান্ত ভুল তাৰ কোনো সন্দেহ নাই। যোত আছে, “জ্ঞান কৰ্ম বিনে, কেৱলে ভৰ্কিতে, পাৱয় সংসাৰ পাৰ। কেৱল ভকতি, পুৰুষক তাৰে, সহায় কাকো নচাৰে। জ্ঞান কৰ্ম্ম তাৰে, তাৰিতে নাপাৰে, ভকতি নপাৱে যাবে।” শঙ্কৰৰ প্ৰদশিত ধৰ্মই সনাতন ধৰ্ম। আজিকালি ভাৰতবৰ্ষময় সনাতন ধৰ্মৰ ৰোল উঠিছে। এই ধৰ্ম শিক্ষাৰ্থে হিন্দু বিশ্ববিদ্যালয় স্থাপন কৰাৰ কাৰণে দেশৰ চিন্তাশীল লোকবিলাকে যত্ন কৰিব লাগিছে আৰু সেই যা যে সোনকালে ফলদায়ক হৰ তাৰ সন্দেহ নাই। সেয়ে হলে এই ভাৰতীয় হিন্দুবিলাকৰ একমাত্ৰ ধৰ্ম্ম হব। তেতিয়া নানা পন্থ নানা আচাৰ গুচি ভাৰতবৰ্ষত আকৌ বিশুদ্ধ বৈদিক ধৰ্ম বিস্তাৰ হব। জগদীশ কৃপাত যেন সেই শুভদিন শীয়ে হয় এই প্ৰাৰ্থনা। শঙ্কৰদেৱে অৱতাৰ মানিছিল, তেওঁ লীলা-বিগ্ৰহধাৰী শ্ৰীকৃষ্ণৰ উপাসনা শিক্ষা দিছিল, গতিকে তেওঁ বহু-ঈশ্বৰবাদী, আৰু পৌত্তলিক আছিল, এনে মন্তব্য প্ৰকাশ কৰা নিতান্ত ভুল। প্ৰকৃত সনাতন হিন্দৰ মুলত একেশ্বৰ বাদ। এই ধৰ্ম্মত জড়োপাসনা নাই। দুৰ্ভাগ্যবশতঃ ইউৰোপীয়বিলাকৰ মত অনুসৰি আমাৰ দেশীয় কোনো কোনো শিক্ষিত লোকে হিন্দুৰিলাকক বহু-ঈশ্বৰবাদী জড়োপাসক ৰা পৌত্তলিক বুলি নিন্দা কৰে। হিন্দুবিলাকে জানে যে সমুদায় জড় পদাৰ্থতে এক অনাদি অনন্ত পৰমেশ্বৰ অন্তৰ্যামী হৈ আছে, সেই অন্তৰ্যামী পুৰুষক হে উপাসনা কৰা হয়, জঢ় পদাৰ্থ অৱলম্বন মাত্ৰ। বেনে প্ৰকাৰেই হওক বৰত চিত্ত সমাধান কৰিব পাৰিলেই তেওঁৰ উপাসনা কৰা হয়। সেই নিমিত্তে প্ৰতিমাপাসনাও প্ৰকৃত নিৰাকাৰৰ হে