পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৩১১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ ২৯৭ যে ভক্তিয়েই মুক্তিৰ কাৰণ; জ্ঞান ভক্তিৰ ফল মাথোন। শৰাচাৰ্য প্ৰভৃতিয়ে কিন্তু জ্ঞানকে হে মুক্তিৰ মুখ্য হেতু বুলি ধৰে। এই মাত্ৰ প্ৰভেদ। অপাৰগৰ পক্ষে হে ভক্তিমাৰ্গ শ্ৰেয়ঃ এনে সিদ্ধান্ত ভুল তাৰ কোনো সন্দেহ নাই। ভক্তি থাকিলে হে উপনিষদ জ্ঞানৰ আবিৰ্ভাৱ হয়। কেৱল বুদ্ধিৰ পৰিচালনা কবি কি ব্ৰহ্মলাভ কৰিব পাৰি? (১) এতেকে দেখা গল যে মাধৱদেৱে লিখামতে লোকৰ তত্ত্বজ্ঞানৰ সাহায্যা- ৰ্থেই বাস্তবিক ভগৱানৰ লীলা। এই লীলা অৱতাৰধাৰী ভগৱানৰ প্ৰতি একান্ত নিষ্ঠ ভক্তিকেই শঙ্কৰ মাধৱ দুয়ো শিকাইছিল। সেই বাবে তেওঁ লোক কাকে বহু-ঈশ্বৰবাদী বুলি সিদ্ধান্ত কৰা নিতান্ত ভুল। উপনিষদৰ- পৰা একেশ্বববাদ ৰাজা ৰামমোহন ৰায়েও বুজাইছিল। “সদেৰ সোমেদমগ্ৰ আসিদেকমেবাদ্বিতীয়ম্” (ছান্দোগ্য)। এই উদ্ধৃত অংশৰ অৰ্থ একেশ্বৰ- বাদেই নহয়; ইয়াৰ বৈদান্তিক অৰ্থ বহুত গভীব। কেৱল যে পৰমেশ্বৰ এক এনে নহয়; এক ব্ৰহ্মৰ বাহিৰে সৎ আৰু একো নাই। ব্ৰহ্মই এক সৎ আৰু অদ্বিতীয়। ব্ৰহ্ম আৰু জীবাত্মা এক, জগৎ মিথ্যা। ব্ৰহ্ম বিদ্যা আৰু আত্মতত্ত্ব জ্ঞান একে; সেয়েহে মুক্তিৰ কাৰণ; কৰ্ম্ম কোনো কালে মুক্তিৰ কাৰণ নহয়। যি বাবে আত্মা আৰু ব্ৰহ্মৰ একত্ব বুজা নাযায় সেয়ে মায়া বা অবিদ্যা; তাৰে নিমিত্তে অসৎ জগতকে সৎ যেন বোধ হয়। বিদ্যালাভ হলে অৰ্থাৎ অবিদ্যা নাশ হলে বুজা যাব যে এক ব্ৰহ্মই সত্য, আন সকলে মিথ্যা আৰু জীবাত্মা আৰু ব্ৰহ্ম অভেদ। এন পণ্ডিতে লিখি গৈছে :- “শ্লোকাৰ্পেন প্ৰবামি যদুক্ত গ্ৰন্থ কোটিভিঃ। ব্ৰহ্ম সত্যং জগমিথ্যা জীব বৈ কেবলম্॥” (s) "It is through the heart that the Lord is seen and not through the intellect. The intellect is only the street cleaner cleansing the path for us, a secondary worker, the Policeman; It is fecling that works, that moves with speed infinitely superior to that of electricity or anything else." -Vivekananda. ভগৱানে নিজে কৈছে :- “তেষাং সতত যুক্তানাং ভজতাং প্ৰতি পূৰ্বক। দামি বুদ্ধি যোগং তং যেন মানুপন্তি তে।” “ভগৱন্ত ভক্তিযুক্ত, পুৰৰ আৱৰোখ, মাধৱৰ প্ৰসাদে মিলয়। মূৰ কৃপাত তেৰে গুচয় সংসাৰ ভয়, এহি মানে গীতাৰ নিৰ্ণয়।”