শীশবদেৱ আৰু শ্ৰীমাধৱদেৱ . উপলব্ধি কৰিও আকৌ সগুণ ঈশ্বৰৰ ভক্তিকে শ্ৰেষ্ঠ বুলি মানিছিল। যীশু- খৃষ্ট, কবিৰ, নানক, চৈতন্য, ৰামান, শঙ্কৰদেৱ প্ৰভৃতি মহাৱাসকলে ব্ৰহ্মজ্ঞান লাভ কৰিও লোকহিতাৰ্থে ভক্তি-পথকে প্ৰৱৰ্তন কৰি গৈছে। এয়ে প্ৰকৃত সনাতন ধৰ্ম পথ। বেদান্তৰ সাৰ, ভক্তি প্ৰবৰ্তক অমুল্য গ্ৰন্থ ভাগৱত আৰু গীতা এই ধৰ্মৰ ভিত্তি স্বৰূপ। এই ধৰ্মকে শিক্ষা দি অনাৱশ্যক ক্ৰিয়াদি পৰিত্যাগ কৰাই হৰিভক্তি লোকক ৰত কৰাবলৈ পুৰুষাৰ্থ কৰাৰ বাবেই শঙ্কৰ, মাধৱ, দামোদৰ প্ৰভৃতিৰ বিৰুদ্ধে বজাৰ গুৰিত স্বাৰ্থপৰ লোকবিলাকে ভিন ভিন সময়ত গোচৰ কৰিছিল। এই মহাৱাসকলে যেতিয়া ধৰ্ম প্ৰচাৰ আৰম্ভ কৰে তেতিয়া লোকসমাজত ক্ৰিয়া- কাণ্ডৰ আধিপত্য খুৰ আছিল। এনে কি ক্ৰিয়াবিলাক ক্ৰমে ইতব লোক ভিতৰত অনাচাৰত পৰিণত হৈছিলগৈ। অনাচাৰীবিলাকে তেওঁলোকৰ ধৰ্মমত বৌমত বুনি নিলা কৰিছিল। আৰ্য ঋষিবিলাকৰ কেবাযুগব্যাপী অনুশীলনৰ চৰম ফল, আৰ্য দৰ্শনৰ সাৰ বেদান্তাদি যি ধৰ্মৰ ভিত্তি সেই ধৰ্মমত শাস্ত্ৰবিৰুদ্ধ বৌদ্ধমত বুলি আজিকালিও কোনো লোকে কবলৈ সাহ কৰে, ইহে আচৰিত। প্ৰকৃত সনাতন ধৰ্ম কি তাক নজনাৰ বাবেই লোকে এনে মন্তব্য প্ৰকাশ কৰে। ভগৱাননাক্ত বেদসকল আৰু তদন্তৰ্গত ব্ৰহ্মণ, সংহিতা আৰু উপনিষদ- বিলাক, ঋষিপ্ৰণীত বেদান্তাদি ষড়দৰ্ষন পুৰুপৰ এতিয়াও আছে। কোনো কালে সেইবিলাক লুপ্ত হোৱা নাছিল। * সেইবিলাক অধিকাৰভেদে ভিন্ন ভিন্ন লোকৰ উপযুক্ত ধৰ্মশিক্ষা থকা স্বত্বেও দেশত অধৰ্মৰ বিস্তাৰ কিয় হল? পৰিত্ৰাণ আৰু ধৰ্ম সংস্থাপৰ অৰ্থে যুগে যুগে কিয় ভগৱানৰ অৱতাৰ আৱশ্যক হয? বুদ্ধ, মহাৰীৰ, নানাদি মহাত্মাসকলে কি নিমিত্তে ভিন ভিন সময়ত আবিৰ্ভাৱ হৈ ধৰ্ম প্ৰচাৰ কৰিব লাগিছিল? ইয়াৰ কাৰণ এনে অনুমান হয় যে প্ৰাচীন কালত ইতৰ লোকবিলাকৰ প্ৰকৃত ধৰ্ম শিক্ষাৰ্থে বিশেষ সুবলৱ নাছিল। আৰ্য ঋষিসকলৰ সময়ত শুদ্ৰাদি
- অতি প্ৰাচীন কালত উপৰে। অ নামৰ বেদৰ আৰু এট অল এক না
যায়। সেইকালত মানা অলৌকিক বিজ্ঞান হিস্য আছিল। কোনো কোনোৱে বিশ্বাস কৰে যে বৰ্তমান যুগত সেই শাৰ অধিকাৰীৰ অভাৱৰ নিমিত্তে ব্ৰিাল বিললে সেই বিলাক লোকৰ আগৰ আৰিলাৰুত ৰাখিছে। বৰ্তমান বিসৰ শ অ নামে পৰিচিত সেইবিলাক কলিনকালেও ৰে তাত লাহিল।