শ্ৰীশঙ্কৰদেৱ আৰু মাধৱদেৱ কৰিব লাগিছে। তেনে সংসাৰীয়ে যদি কয় “হে ঈশ্বৰ, তুমিয়ে মই, মইয়ে তুমি” তেনেহলে কেনে শুনায়? অবিদ্যাৰ নাশ হলে, দেহবুদ্ধি গলে, মানুহ জীৱন্মুক্ত হয়; কিন্তু দেহবুদ্ধি যায় কত? “মই” ভাব কেতিয়াও সংসাৰীৰ নাযায়। ৰামকৃষ্ণ পৰমহংসই সুন্দৰকৈ কৈছিল “আমি” গেলে ঘুচিবে জঞ্জাল কিন্তু আমি তো যায়না, তবে থাক্ শালা ‘দাস আমি হয়ে।” অৰ্থাৎ যি পৰ্যন্ত দেহবুদ্ধি থাকে সেই পৰ্যন্ত সেব্য সেৱকৰ ভাবৰ ভক্তিয়েই সংসাৰী লোকৰ পক্ষে সহজ আৰু উপযুক্ত। এই দাস্য ভাৰৰ মুক্তিয়েই মহাপুৰুষীয়া ধৰ্মৰ মুল শিক্ষা। এই দাস ভাবৰ প্ৰাৰ্থনা কেনে সুন্দৰ বোষাৰপৰা দেখক :- ‘সহস্ৰ সহস্ৰ আতি অপবাধ দিনৰাতি কৰে। মই মহামূঢ় জন। আমি প্ৰভু তযু দাস আকে নি জগবাস বাখিওক শ্ৰীমধুসুদন। ধৰ্ম্মক জানাহেঁ। মই তথাপি প্ৰবৃত্তি নাই অধৰ্মততা নিবৃত্তি নহয়। হৃদিস্থিত হয় তমি যেনে কৰোৱাহ স্বামী হৃষিকেশ কৰিৰোঁ তেনয়। নজানোহে। আবাহন নজানোহে বিসৰ্জন পূজামাত্ৰ নাজানো কিঞ্চিৎ। এতেকে পৰমেশ্বৰ দাস ভৈলোঁ চৰণৰ মোৰ গতি সাধিবে উচিত।” মুছলমানে মজিদপবা, খৃষ্টান পাদুৰীযে পুপিটৰপৰা, ব্ৰাহ্ম আচাৰ্যই বেদীৰপৰা অবাধে এই প্ৰাৰ্থনা কৰিব পাৰে। কাৰণ এই ভাবৰ ঈশ্বৰ ভক্তিয়েই বিশ্বজনীন universal religion. ভক্তিতেই চিত্ত শুদ্ধি হয়, জ্ঞান উদয় হয়। একাদশ স্কন্ধত শ্ৰীকৃষ্ণই উদ্ধৱক কৈছে “জ্ঞানে গতি কৱে ৱেদ, লয়ে তাৰ পৰিচেছ, আছে জ্ঞান ভকতিৰ মাজে।” নাৰদ, সনক, সনন্দ, সনাতন, সনৎকুমাৰ প্ৰভৃতি ঋষি- সকলে জ্ঞানী হৈও ভক্তি-পথ হে দেখুৱাই গৈছে। এওঁলোক “মুক্তিতে নিহ’ আছিল অৰ্থাৎ তত্ত্বজ্ঞান লাভ কৰি নিৰাকাৰ নিগুণ ব্ৰহ্মক 91